Sikkim CM meets Promod Boro: বিটিচি প্ৰধান প্ৰমোদ বড়োক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 24, 2021, 7:13 PM IST

chief-minister-of-sikkim-meet-btr-chief-executive-pramod-boro

মঙলবাৰে কোকৰাঝাৰত হঠাৎ উপস্থিত হয় ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (Sikkim CM visit Kokrajhar) ৷ স্থলপথেৰে গৈ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে সাক্ষাৎ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক ৷

কোকৰাঝাৰ, 24 নৱেম্বৰ : মঙলবাৰে কোকৰাঝাৰত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বিটিচি প্ৰধান প্ৰমোদ বড়োক সৌজন্যমূলক সাক্ষাৎ কৰে (Sikkim Cm meets BTC Chief Promod Boro) ৷ সাক্ষাতকালত সংবাদ মাধ্যমৰ লগত হোৱা কথোপকথনত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ প্ৰশংসাত মুখ্যমন্ত্ৰীজন পঞ্চমুখ হোৱা যায় ৷

গুৱাহাটীৰ পৰা ছিকিমলৈ আকাশীপথেৰে নগৈ স্থলপথেৰে শ্ৰীৰামপুৰ-পশ্চিমবংগ হৈ যোৱাৰ পথত মঙলবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং কোকৰাঝাৰত প্ৰৱেশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক সাক্ষাৎ কৰে ৷ কোকৰাঝাৰ বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ CIT ত উপস্থিত হয় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী (Sikkim CM in Central Institute of Technology Kokrajhar) ৷

বিটিচি প্ৰধান প্ৰমোদ বড়োক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ

তাতেই প্ৰমোদ বড়োৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰিও দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । মূলতঃ দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ পৰিণতিতে মঙলবাৰৰ দিনটোত গুৱাহাটীৰ পৰা ছিকিমলৈ স্থলপথেৰে যোৱাৰ পথত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে প্ৰমোদ বড়োক সৌজন্যমূলক সাক্ষাৎ কৰে ৷ পৰৱৰ্তী সময়ত সংবাদমাধ্যমৰ আগত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক প্ৰশংসা কৰি ছিকিমৰ মুখ্যমন্ত্ৰীয়ে (Sikkim CM praised Assam Govt and BTC) ৷ তেওঁ কয় যে, সকলোৱে সহযোগ কৰিলেহে চৰকাৰ সূচাৰুৰূপে চলে ।

বৰ্তমান পথ যোগাযোগ ব্যৱস্থা সুচল হোৱাৰ বাবেই তেওঁ স্থলপথেৰে যাত্ৰা কৰা বুলি সদৰী কৰে । ইপিনে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, ছিকিম যদিও ক্ষুদ্ৰ ৰাজ্য তথাপিও দেশৰ বহুকেইটা ইনডেক্সত প্ৰথম স্থান দখল কৰি আছে । পৰ্যটন, জৈৱিক খেতি, দুগ্ধ উৎপাদন, ফাৰ্মাচিউটিকেল আদি ক্ষেত্ৰত ছিকিম বহু আগবঢ়া বুলি মন্তব্য কৰাৰ লগতে ছিকিমৰ পদ্ধতি গ্ৰহণ কৰি বড়োলেণ্ড এলেকাতো অৰ্থনৈতিক উন্নয়ন কৰিব বিচৰা হৈছে বুলি উল্লেখ কৰে ।

অচিৰেই বড়োলেণ্ডৰ এটা দলে ছিকিম পৰিভ্ৰমণ কৰি তাৰ উদ্যোগসমূহৰ উদ্যোগপতি আৰু কোম্পানীসমূহৰ সৈতে আলোচনা কৰি বড়োলেণ্ডতো তেনে উদ্যোগ স্থাপনৰ চিন্তা-চৰ্চা কৰিব বুলি প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে ৷ ছিকিমৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰা হ’ব বুলিও সদৰী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে (bipartisan treaty among BTR and Sikkim) ৷

লগতে পঢ়ক: বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.