Protest demanding road construction: কোকৰাঝাৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Nov 4, 2022, 2:22 PM IST

protest for demanding road construction in Kokrajhar

চৰাইখোলা-ছালাকাটি সংযোগী বিধ্বস্ত গড়কাপ্তানি পথৰ দুৰৱস্থাই স্থানীয় জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাইছে (Kokrajhar poor road condition) ৷ শুকুৰবাৰে স্থানীয় লোকসকলে পথটো পুনৰ মেৰামতিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest for poor road condition in Kokrajhar)৷

কোকৰাঝাৰ, ৪ নৱেম্বৰ : বিটিআৰৰ মুখ্য প্ৰশাসনিক তথা সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাথোঁ ৫/৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত চৰাইখোলা-ছালাকাটি সংযোগী বিধ্বস্ত গড়কাপ্তানি পথৰ দুৰৱস্থাই স্থানীয় জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাইছে (Kokrajhar poor road condition) ৷ শুকুৰবাৰে স্থানীয় লোকসকলে পথচোৱা মেৰামতিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest for poor road condition in Kokrajhar)৷

এনটিপিচিৰ ছাই কঢ়িওৱা গধুৰ বাহন আহ জাহৰ ফলতে পথটোৱে অধিক বিধ্বস্ত ৰূপ লৈছে ৷ সেইবাবে প্ৰতিবাদী ৰাইজে এনটিপিচিৰ ছাই কঢ়িওৱা যান-বাহন আৱদ্ধ কৰাৰ লগতে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত পথছোৱা পুনৰ নিৰ্মাণৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে ৷

Protest for poor road condition : কোকৰাঝাৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী ৰাইজে কয় যে অতি ব্যস্ত চৰাইখোলা-ছালাকাটি সংযোগী গড়কাপ্তানি পথটোৰ অৱস্থা অতি ভয়ানক হৈ পৰিছে ৷ বিশেষকৈ ছালাকাটিস্থিত এনটিপিচিৰ পৰা দিনে-নিশাই বৃহৎ বৃহৎ বাৰ চকীয়া, চৈধ্য চকীয়া আৰু ষোল্ল চকীয়া ট্ৰাকসমূহে এনটিপিচিৰ অৱশিষ্ট ছাই তথা আন সা-সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত পকী পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷

ফলত উক্ত পথটোৰে ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু সাধাৰণ যাত্ৰীৰ বাবেও বিপদাজনক হৈ পৰিছে ৷ তদুপৰি পথছোৱা নিৰ্মাণৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসন (Kokrajhar District Administration) আৰু এনটিপিচি কৰ্তৃপক্ষক (NTPC ) বাৰম্বাৰ আহ্বান জনোৱা হৈছে যদিও পাঁচমাহ কাল উকলি যোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

সেয়েহে চৰাইখোলা-ছালাকাটি সংযোগী পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ (BTR Chief Pramod Bodo) আহ্বান জনায় ৷ পথ পুনৰ নিৰ্মাণ নকৰালৈকে পথটোৰে এটিপিচিৰ ছাই গাড়ী চলাচল কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.