Bodo peace accord ৰ পিছত বড়োভূমিত পৰা নাই এটোপালো তেজ : প্ৰমোদ বড়ো

author img

By

Published : Nov 14, 2021, 10:28 PM IST

Promad Bodo claims there is no bloodshed in bodoland after Bodo peace accord 2020

বড়োভূমিত পূৰ্বতে বন্দুক বাৰুদ, হত্যা -হিংসা আছিল যদিও ২০২০ চনত শান্তি চুক্তি কৰাৰ পিছতে এটোপাল তেজো নপৰিল আৰু এই শান্তি -নিৰাপত্তা অব্যাহত থাকিব বুলি প্ৰমোদ বড়োৰ ৷ সবিশেষ জানো আহক ৷

কোকৰাঝাৰ, ১৪ নৱেম্বৰ : বিশ্ববাসীক শান্তিৰ বাৰ্তা দিবলৈ কোকৰাঝাৰৰ বডৌফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত ৰবিবাৰৰ পৰা এক উদলি মুদলি পৰিবেশত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন । ইতিমধ্যে, দেশৰ বিভিন্ন প্ৰান্তৰ কবিসকল কোকৰাঝাৰ সদৰ চহৰৰ চান্দামাৰীস্থিত বডৌফা সাংস্কৃতিক প্ৰকল্পত উপস্থিত হৈছে । ১৪ নৱেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বিটিআৰ প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত ১০০ টাতকৈ অধিক ভাষাত স্বৰচিত কবিতাসমুহ পাঠ কৰা হ’ব ।

Promad Bodo claims there is no bloodshed in bodoland after Bodo peace accord 2020
আন্ত:ৰাষ্ট্ৰীয় কবি সন্মিলন

কোকৰাঝাৰৰ চান্দামাৰীৰ বডৌফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা কবি সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰণ কৰি ৰাজষ্টানৰ বিশিষ্ট কবি মিথেশ নিৰমহিয়ে বিটিআৰ চৰকাৰৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰি কবি সন্মিলনে আন্তঃৰাষ্ট্ৰীয় স্তৰত শান্তি আৰু অহিংসাৰ বাৰ্তা লৈ যাব বুলি প্ৰকাশ কৰে । কবি সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কবি সন্মিলনত সকলোৱে শান্তিৰ বাণী লৈ আহিছে বুলি মন্তব্য কৰে ।

Promad Bodo claims there is no bloodshed in bodoland after Bodo peace accord 2020
আন্ত:ৰাষ্ট্ৰীয় কবি সন্মিলন

বড়োভূমিত পূৰ্বতে বন্দুক বাৰুদ , হত্যা-হিংসা আছিল যদিও ২০২০ চনত শান্তি চুক্তি কৰাৰ পিছতে এটোপাল তেজো নপৰিল আৰু এই শান্তি -নিৰাপত্তা অব্যাহত থাকিব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে । একাংশ যুৱক যুৱতীয়ে আলফাত যোগদান কৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বন্দুকৰ পৰিৱৰ্তে এয়া কলম তুলি লোৱাৰ সময় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।

তদুপৰি মণিপুৰত সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত হোৱা বাক্সাৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰমোদ বড়োৱে । অতি শীঘ্ৰেই মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হ’ব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে । উল্লেখ্য যে, স্থানীয় কবি সকলোৰ লগতে দেশ বিদেশৰ কবিৰ উপস্থিতিত ১০০ টা ভাষাৰ কবি সন্মিলনখনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও কবিসকল আহি ইতিমধ্যে উপস্থিত হৈছে ।

Bodo peace accord ৰ পিছত বড়োভূমিত পৰা নাই এটোপালো তেজ : প্ৰমোদ বড়ো

এই কবি সন্মিলনত স্বৰচিত কবিতা পাঠ, আবৃত্তিৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচী আৰু আলোচনা চক্ৰ পতা হব বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে । প্ৰণিধান যোগ্য যে কবি সন্মিলনৰ অন্তিম দিনটো অৰ্থাৎ ১৬ নৱেম্বৰ হ'ল বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু বডৌফা সাংস্কৃতিক প্ৰকল্পতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব য’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক : Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.