কোকৰাঝাৰত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় কবি সন্মিলন

author img

By

Published : Nov 4, 2021, 12:19 PM IST

কোকৰাঝাৰত আন্তৰাষ্ট্ৰীয় কবি সন্মিলনৰ যো-জা

শান্তিৰ বাৰ্তা প্ৰেৰণক লক্ষ্য হিচাপে লৈ কোকৰাঝাৰত আন্তৰাষ্ট্ৰীয় কবি সন্মিলনৰ যো-জা ৷ উপস্থিত থাকিব আমেৰিকা, ইংলেণ্ড, বাংলাদেশ, নেপাল আদিকে কৰি বিভিন্ন দেশৰ কবি-মহাকবিসকল ৷

কোকৰাঝাৰ, 4 নৱেম্বৰ : কোকৰাঝাৰত 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন ৷ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দমাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব এই কবি সন্মিলনখনি ৷ মুঠ 100 টা ভাষাত স্বৰচিত কবিতা পাঠ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই কবি সন্মিলনখনি আয়োজনৰ যো-জা চলোৱা হৈছে ৷

বুধবাৰে বিয়লি চান্দমাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক সংবাদমেলযোগে কবি সন্মিলনখনৰ কথা সদৰী কৰে আয়োজক সমিতিৰ অধ্যক্ষ সুৰত নাৰ্জাৰী আৰু আহ্বায়ক বিহুং ব্ৰহ্মৱে ৷ 100 টা ভাষাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলনখনলৈ স্থানীয় তথা বিভিন্ন ৰাজ্যৰ কবিসকলৰ লগতে দেশ-বিদেশৰ কবিসকল উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰী কৰে ।

আন্তৰাষ্ট্ৰীয় কবি সন্মিলন
কোকৰাঝাৰত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় কবি সন্মিলন

আমেৰিকা, ইংলেণ্ড, বাংলাদেশ, নেপাল আদিকে কৰি বিভিন্ন দেশৰ কবিসকল উপস্থিত থাকিব বুলিও সংবাদমেলত উল্লেখ কৰিছে আয়োজক সমিতিয়ে ৷ বিশ্ব দৰবাৰত প্ৰেম-ভাতৃত্ববোধ আৰু শান্তিৰ বাণীৰ প্ৰসাৰৰ উদ্দেশ্যেৰে এই কবি সন্মিলনখন অনুষ্ঠিত কৰা হৈছে ৷ সন্মিলনত স্বৰচিত কবিতা পাঠ, আবৃত্তিৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচী আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি, স্বৰচিত কবিতাসমূহ সংৰক্ষণাৰ্থে এখন স্মৰণিকা প্ৰকাশ পাব বুলি সংবাদমেলত সদৰী কৰে আয়োজক সমিতিয়ে ৷

লগতে চাওক: পুতলা থিয়েটাৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস এটি শিল্পী দম্পতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.