বেংকৰ সেৱা লাভৰ পৰা বঞ্চিত লক্ষাধিক জনতা

author img

By

Published : Sep 15, 2021, 10:26 AM IST

mla lawrence islarys meeting with canara banks delegates

কোকৰাঝাৰত বেংক সেৱাৰ(Bank Service) পৰা বঞ্চিত লক্ষাধিক জনতা । বেংক সেৱাৰ পুতৌজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে কানাড়া বেংকৰ(Canara Bank) প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয় কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে (Lawrence Islary) ৷ উক্ত বৈঠকত কি কি বিষয়ত আলোচনা কৰা হয়, সবিশেষ পঢ়ক...

কোকৰাঝাৰ, 15 ছেপ্তেম্বৰ : বেংক সেৱাৰ(Bank Service) নিম্নমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে কানাড়া বেংকৰ(Canara) প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয় পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী(Lawrence Islary) ৷

কোকৰাঝাৰ সদৰ চহৰৰ বাহিৰে জিলাখনৰ উত্তৰ পাৰত তথা পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তলৈকে এটাও বেংক প্ৰতিষ্ঠান নাই ৷ যাৰ ফলস্বৰূপে বেংক সেৱাৰ পৰা বঞ্চিত হৈছে প্ৰায় লক্ষাধিক জনতা । বড়োলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেডিকেল কলেজ আদিকে ধৰি কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ আশে-পাশে এটাও বিত্তীয় প্ৰতিষ্ঠান নথকাত বিত্তীয় লেনদেনত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহকসকল ৷

ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী সকলোৱে বেংক নথকা বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে ৷ বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তীৰ ব্যৱসায়ীসকলে বেংকৰ সাধাৰণ এটা কামৰ বাবেও 60-65 কিল’মিটাৰ বাটকুৰি বাই বেংকলৈ যাব লগা হয় । জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বালাজান তিনিআলিত এটা বেংক স্থাপনৰ দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈ কোনো এটা বিত্তীয় প্ৰতিষ্ঠানে সঁহাৰি জনোৱা নাই ।

mla lawrence islarys meeting with canara banks delegates
বেংক প্ৰতিনিধিৰ সৈতে বিধায়ক লৰেঞ্চ ইছলাৰীৰ বৈঠক

পূৰ্বতে বালাজান তিনিআলিত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা আছিল ৷ কিন্তু আন্দোলনৰ সময়চোৱাত উক্ত শাখাটো কোকৰাঝাৰ মূল চহৰলৈ স্থানান্তৰিত কৰা বয় ৷ আনকি বালাগাঁও শাখাৰ পৰা নৰ্থ কোকৰাঝাৰ শাখা বুলি নতুনকৈ নামাকৰণ কৰি এতিয়া কোকৰাঝাৰ সদৰ চহৰৰ জে ডি ৰোডৰ টেঙাপাৰাত ষ্টেট বেংকৰ শাখাটো পূৰ্ণাংগ ৰূপত চলি আছে ।

এটা বৃহৎ অঞ্চলজুৰি কোনো এটা বেংকৰে শাখা কাৰ্যালয় নথকাত বালাজান তিনিআলিত বেংক স্থাপনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কানাড়া বেংকৰ প্ৰতিনিধিৰ সৈতে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে চিগনেট হোটেলত এক বৈঠকত মিলিত হয় । বালাজান তিনিআলিত কানাড়া বেংকৰ এটা শাখা স্থাপন কৰা, হিতাধিকাৰীক ঋণ দিয়া, কৃষি ঋণ দিয়া, আত্মসহায়ক গোটসমূহলৈ ঋণ দিয়া, চি এছ আৰ আঁচনিৰ অধীনত বিভিন্ন উন্নয়নমূলক কাম কৰা, মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ স্ক’লাৰশ্বিপ প্ৰদান কৰা আদি ইত্যাদি বিষয়সমূহে এই আলোচনাত স্থান পায় ।

কানাড়া বেংকৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা সৌহাদ্যপূৰ্ণ আছিল ৷ বেংকৰ প্ৰতিনিধি দলটোত উপস্থিত থাকে গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰৱন্ধক জে কে চাহু, কোকৰাঝাৰ কানাড়া বেংকৰ প্ৰৱন্ধক দেৱজিৎ মণ্ডল, বঙাইগাঁও কানাড়া বেংকৰ জ্যেষ্ঠ প্ৰৱন্ধক দেৱজিৎ কলিতা আৰু সহকাৰী প্ৰৱন্ধক প্ৰশান্ত দাস ।

লগতে পঢ়ক: জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ কালেশ্বৰ পাহাৰত বন বিভাগৰ উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.