Mid day meal scam: প্ৰধান শিক্ষকে পুতি থ'লে মধ্যাহ্ন ভোজনৰ চাউল

author img

By

Published : Nov 23, 2021, 8:33 PM IST

Mid day meal scam

কোকৰাঝাৰ জিলাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড । শিক্ষাৰ্থীৰ বাবে অহা চৰকাৰী মধ্যাহ্ন ভোজনৰ চাউল পুতি থ'লে প্ৰধান শিক্ষকে । প্ৰধান শিক্ষকক নিলম্বনৰ দাবী ৰাইজ(suspension demanded by local people)ৰ ।

কোকৰাঝাৰ,২৩ নৱেম্বৰ : শেহতীয়াকৈ কোকৰাঝাৰ জিলাত এক চাঞ্চল্যকৰ মধ্যহ্ন ভোজন কেলেংকাৰী (Mid day meal scam) সংঘটিত হৈছে । চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে দিয়া মধ্যাহ্ন ভোজনৰ (Mid day meal) চাউল মাটিত পুতি থোৱাৰ অভিযোগ উঠিছিল এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে (allegations against School teacher) । এই ঘটনা জিলাখনৰ ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Debargaon Higher secondary school) সংঘটিত হৈছে ।

অভিযোগ অনুসৰি চৰকাৰী মধ্যাহ্ন ভোজন আঁচনিৰ (Mid day meal scheme) চাউল ছাত্ৰ-ছাত্ৰীসকলক নিয়মিতভাৱে দিয়া হোৱা নাছিল । যাৰ বাবে গুডাম ঘৰতে কুইণ্টলে কুইণ্টলে চাউল নষ্ট হৈ গৈছিল । সেই নষ্ট হোৱা মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষক হৰি চন্দ্ৰ ছেত্ৰীয়ে মাটিত গাঁত খান্দি পুতি থৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

Mid day meal scam:প্ৰধান শিক্ষকে পুতি থ'লে মধ্যাহ্ন ভোজনৰ চাউল

ইফালে এই কথা সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে (Principal) । অধ্যক্ষগৰাকীয়ে কোৱা মতে ৰান্ধনি আৰু সহায়িকাৰ অনুপস্থিতিৰ বাবে নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন(Mid day meal) দিয়া হোৱা নাছিল । যাৰ বাবে প্ৰায় ১৭ কুইণ্টল চাউল নিগনিয়ে কুটিছিল আৰু বেছিখিনি নষ্ট হৈ গৈছিল ।

সেই নষ্ট হোৱা চাউলবোৰ সেয়ে বিদ্যালয়ৰ চৌহদত গাঁত খান্দি পুতি থোৱা বুলি স্বীকাৰ কৰিছে অধ্যক্ষগৰাকীয়ে ৷ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ (School Management Committee) প্ৰস্তাৱ আৰু সিদ্ধান্ত মৰ্মে চাউলখিনি পুতি থোৱা বুলিও অধ্যক্ষগৰাকীয়ে সদৰী কৰে ।

এই ঘটনাৰ পাছতে অঞ্চলটোৰ ৰাইজ, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা চাউল এনেদৰে গাঁতত পুতি থোৱাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজ । লগতে প্ৰধান শিক্ষকগৰাকীক নিলম্বন আৰু ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :ছাত্ৰীলৈ অশ্লীল মেছেজ অধ্যাপকৰ ; উত্তাল প্ৰতিবাদ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.