Wild elephant attack in Kokrajhar : কোকৰাঝাৰত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত

author img

By

Published : Nov 26, 2021, 6:44 PM IST

Elephant attacked

কোকৰাঝাৰত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ পৰিণতি(Man Elephant conflict in Kokrajhar) । ভূটানৰ পৰা অহা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে । বন্যহস্তীৰ আক্ৰমণক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

কোকৰাঝাৰ, ২৬ নৱেম্বৰ : ভালুকৰ আক্ৰমণৰ পাচত কোকৰাঝাৰত এইবাৰ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে(Wild elephant menace in Kokrajhar) । জিলাখনত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত ৷ শুকুৰবাৰে জিলাখনৰ ছালাকাটি অঞ্চলৰ মুৰাবাৰী গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক(Man killed by Elephant in Murabari) । হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন গাঁওখনৰে বেৰলাং ব্ৰহ্ম বুলি জানিব পৰা গৈছে ৷

Wild elephant menace in murabari
বন্যহস্তীৰ উপদ্ৰৱক লৈ শংকিত মুৰাবাৰীবাসী

জানিব পৰা মতে, ভূটানৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক জিলাখনৰ সীমান্তৱৰ্তী অঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল । উক্ত জাকটোৰ পৰা আঁতৰি আহি দুটা হাতী মুৰাবাৰী গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়(Wild elephant menace in murabari) ৷ শুকুৰবাৰে হাতী দুটাই গাঁওখনৰ ৭০ বছৰীয়া বেৰলাং ব্ৰহ্মক আক্ৰমণ কৰে(Man-Elephant conflict in murabari) ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বৃদ্ধ লোকজনক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়(Man-Elephant conflict in Kokrajhar) ।

Wild elephant menace in murabari
কোকৰাঝাৰত বন্যহস্তীৰ উপদ্ৰৱ

আনহাতে, হাতী দুটাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ছালাকাটি অঞ্চলত । কিয়নো, বৰ্তমানেও গাঁওখনৰ শীতলা মন্দিৰৰ কাষৰীয়া অঞ্চলত হাতী দুটা বিচৰণ কৰি আছে ।

ঘটনাৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতী দুটাক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কিছু দিন পূৰ্বে জিলাখনৰ কচুগাঁৱত ভালুকৰ আক্ৰমণত ৭ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল । এইবাৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া(Wild elephant attacks man in Kokrajhar) হয় ৷

লগতে পঢ়ক:Man-Elephant conflict : হাতী-মানুহৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে নেকি WWF !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.