আৰক্ষীয়ে কিয় গুলীয়ালে কোকৰাঝাৰ হত্যাকাণ্ডৰ অভিযুক্তক ?

author img

By

Published : Jun 17, 2021, 12:09 PM IST

Updated : Jun 17, 2021, 5:57 PM IST

kokrajhar police had to gun fire one accused of Abhaykuti rape and murder case

অভয়াকুটিৰ লোমহৰ্ষক হত্যাকাণ্ড (Murder)ৰ অন্যতম অভিযুক্ত ফৰিজুল ৰহমান গুলীবিদ্ধ ৷ আৰক্ষীক আক্ৰমণ কৰি বুধবাৰে নিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অভিযুক্তজন ৷ সম্প্ৰতি ধৃত ফৰিজুল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Fakhruddin Ali Ahmed Medical College Hospital)ত চিকিৎসাধীন বুলি আৰক্ষীয়ে সদৰি কৰে ৷

কোকৰাঝাৰ, 17 জুন : কোকৰাঝাৰৰ অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ড (Abhaykuti rape and murder case)ৰ তিনি মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান (22) নামৰ অভিযুক্তজন গুলীবিদ্ধ হৈছে কোকৰাঝাৰ আৰক্ষীৰ গুলিত ৷ এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত । বুধবাৰে নিশা গুলীবিদ্ধ হোৱা ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়(RNB hospital)ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Fakhruddin Ali Ahmed Medical College Hospital)ত ভৰ্তি কৰোৱা হৈছে ।

  • Reference alleged kokrajhar double Rape and murder case - one of the accused tried to escape during search operation near Bedlangmari, Salbari and police had to fire to prevent him from escaping. He’s grievously injured and hospitalised. @assampolice

    — GP Singh (@gpsinghassam) June 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাপ্ত তথ্য অনুসৰি, অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি মূল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (20), নজিবুল আলী (19) আৰু ফৰিজুল ৰহমান (22) ক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ পাচতেতে পৰ্যায়ক্ৰমে আটক কৰিছিল ৷ অভিযুক্ত তিনিজনক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত দোষ স্বীকাৰ কৰে অভিযুক্ত তিনিজনে ।

অভিযুক্ত তিনিজনৰ ভিতৰত ফৰিজুল ৰহমান নামৰ অভিযুক্তজনে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী নাবালিকাৰ এটা ম’বাইল ফোন শালবাৰী এলেকাত লুকাই থোৱা বুলি স্বীকাৰোক্তি দিয়ে ৷ ইয়াৰ পাচতে বুধবাৰে নিশা আৰক্ষীৰ তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক লৈ শালবাৰী এলেকাত উপস্থিত হয় ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল

অভিযুক্তজনক লৈ তদন্তকাৰী দলটো বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পাচত অভিযুক্ত ফৰিজুলে আৰক্ষীৰ তদন্তকাৰী দলটোক ম’বাইল ফোন দেখুওৱাৰ চলেৰে ঘন জংঘলৰ ভিতৰলৈ লৈ যায় ৷ ইয়াৰ পাচতে হেণ্ডকাফ (Handcuff) লৈ থকা আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি ফৰিজুলে পলাই যাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ দুয়োপক্ষৰ টনা-আঁজোৰাৰ ফলত হেণ্ডকাফে ফৰিজুলৰ হাতত আঘাত কৰে ।

ক্ষন্তেক সময় পাচতে পুনৰাই ম’বাইল ফোন বিচৰাৰ নামত ঘন আন্ধাৰ আৰু জংঘলৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধ্য হৈ ফৰিজুলক উদ্দেশি দুই জাঁইকৈ গুলীচালনা কৰে । ইয়াৰে এজাঁই গুলীয়ে ধৃত ফৰিজুলৰ ভৰিত আঘাত কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ফৰিজুল ।

ইফালে বৃহস্পতিবাৰে অভিযুক্ত ফৰিজুল ৰহমান গুলীবিদ্ধ হোৱা ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰ (Thube Prateek Vijay Kumar)য়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলযোগে সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে ৷ আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিং (GP Singh)য়েও টুইটযোগে উক্ত ঘটনা সন্দৰ্ভত মন্তব্য কৰে ৷

লগতে পঢ়ক : এতিয়াৰে পৰা আমাজানত উপলব্ধ ক’ভিড টেষ্ট কিট্​

Last Updated :Jun 17, 2021, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.