গোসাইগাৱঁত গুলীচালনা: দুৰ্বৃত্তৰ গুলীচানলাত আহত এজন

author img

By

Published : Sep 29, 2022, 10:41 PM IST

firing-at-gossaigaon-one-injured

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ হাৰাফুটাত গুলীচালনাৰ ঘটনা ৷ দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে এজন লোক (One injured at Gossaigaon firing incident)৷

কোকৰাঝাৰ, 29 ছেপ্টেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ হাৰাফুটাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Firing case at Kokrajhar) ৷ বৃহস্পতিবাৰে সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে এজন লোক (One injured at Gossaigaon firing incident)৷

জানিব পৰামতে জহিৰুল ইছলাম শ্বেখ নামৰ লোকজনে সন্ধিয়া প্ৰায় 7 বজাত তেলিপাৰা বজাৰৰ পৰা নিজ গৃহাভিমুখে গৈ থাকোঁতে হাৰাফুটা গাঁৱৰ পথত পূৰ্বৰ পৰা খাপ পিটি থকা দুৰ্বৃত্তই নিচেই কাষৰ পৰা তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে (Miscreants firing to a man)৷ লগে লগে লোকজনে গুলীৰ আঘাতত চিঞৰ বাখৰ কৰাত দুষ্কৃতিকাৰীৰ দলটো পলায়ন কৰে ৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা এটা খালী কাৰ্টিজ আৰু এটা সজীৱ গুলি উদ্ধাৰ কৰে ৷ আহত লোকজনক তাতালিকে গোসাইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷ লোকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে দুষ্কৃতিকাৰীৰ গুলীচালনাত জহিৰুল ইছলাম শ্বেখে বাওঁ হাতত আঘাত পায় । বহুদিন বিৰতিৰ মূৰত কোকৰাঝাৰত পুনৰ গুলীচালনা সংঘটিত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অতি শীঘ্ৰেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে চাৰিজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.