কোকৰাঝাৰত প্ৰাক্তন এনডিএফবিৰ শ্বহীদ দিৱস উদযাপন

author img

By

Published : Sep 14, 2022, 1:50 PM IST

Updated : Sep 15, 2022, 2:33 PM IST

KokrajharEx NDFB celebrates Martyrs in Kokrajhar

বিটিআৰ শান্তি চুক্তিৰ পিছত কোকৰাঝাৰৰ ছেৰফাংগুৰিত প্ৰাক্তন এনডিএফবিৰ ৩৪ সংখ্যক শ্বহীদ দিৱস উদযাপন (Ex NDFB celebrates Martyrs in Kokrajhar) ৷ পোনপ্ৰথমবাৰৰ বাবে এনডিএফবিৰ চাৰিওটা গোটৰ উদ্যোগত উদযাপন কৰা হয় এই শ্বহীদ দিৱস ৷

কোকৰাঝাৰ, ১৪ ছেপ্টেম্বৰ : বড়ো জনগোষ্ঠীৰ স্বাধিকাৰৰ হকে তথা পৃথক বড়োলেণ্ডৰ দাবীত (Demanding separate Bodoland) এসময়ত (১৯৮৬ চনৰ ৩ অক্টোবৰত) হাতত অস্ত্ৰ তুলি লৈ সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰাক্তন এনডিএফবিয়ে বিটিআৰ শান্তি চুক্তিৰ পাছত বুধবাৰে অৰ্থাৎ আজি প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিত সংগঠনটোৰ ৩৪ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰে (Ex NDFB celebrates Martyrs in Kokrajhar) ৷

পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটৰ যৌথ উদ্যোগত আজি ছেৰফাংগুৰিস্থিত কুমগুৰিৰ ডেজিগনেটেড শিবিৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এনডিএফবিৰ ৩৪ সংখ্যক শ্বহীদ দিৱস (34th Martyrs Day of NDFB) ৷ শ্বহীদ দিৱস উপলক্ষে পুৱা প্ৰাক্তন এনডিএফবিৰ নেতা আৰু সদস্যসকলে ক'লা বেজ পৰিধান কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্বহীদসকলৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

অনুষ্ঠানৰ শুভাৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্জ্বালন কৰে প্ৰাক্তন এনডিএফবিৰ (প্ৰগতিশীল) মুখ্য সেনাধ্যক্ষ বি চুডেম ওৰফে ছীলাই ৷ ইয়াৰ পাছতে শ্বহীদবেদীত মাল্যাৰ্পণ কৰে প্ৰাক্তন এনডিএফবি (এছ)ৰ সাধাৰণ সচিব তথা বৰ্তমানৰ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

কোকৰাঝাৰত প্ৰাক্তন এনডিএফবিৰ শ্বহীদ দিৱস উদযাপন

ইপিনে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে আজিৰ দিনটো প্ৰাক্তন এনডিএফবিসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰি কয় যে বিটিআৰ চুক্তি অনুযায়ী প্ৰাক্তন এনডিএফবিৰ পুনৰ সংস্থাপন, আৰ্থিক অনুদান দিয়াৰ কাম ইতিমধ্যে চলি আছে ৷ অৱশিষ্টখিনিও দিয়া হ'ব ৷ কাৰাবন্দী হৈ থকা প্ৰাক্তন এনডিএফবি নেতা-কেডাৰসকলৰ মুক্তিৰ লগতে গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে বুলিও প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ বিষয়টো বৰ্তমান অসম চৰকাৰৰ হাতত আছে বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে ৷

শ্বহীদ দিৱসৰ কাৰ্যসূচীত এনডিএফবি (এছ)ৰ প্ৰাক্তন সভাপতি তথা বিটিআৰৰ পাৰিষদ বি ছাওৰাইগ্ৰা ওৰফে ছাইখং বসুমতাৰী, প্ৰাক্তন এনডিএফবিৰ নেতা বি জাইক্লং, বি বেংগা, নাইচাৰাং ওৱাৰী, আই ডমিনিক, বিনাইছা ব্ৰহ্মকে ধৰি প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটৰ একাংশ শীৰ্ষ নেতৃত্ব আৰু এবছুৰ মুখপাত্ৰ জনক উজীৰ, বড়ো সাহিত্য সভা, বড়ো হাৰিমু আফাতৰ বিভিন্ন নেতাকে আদি কৰি ভিন্ন দল-সংগঠনৰ নেতা, বিশিষ্ট ব্যক্তি আৰু কেইবাশ সাধাৰণ ৰাজই উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰাক্তন এনডিএফবিৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি মুকলিসভাৰো আয়োজন কৰা হয় ৷ মুকলিসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো ৷

লগতে পঢ়ক :বৃহস্পতিবাৰে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠনৰে শান্তি আলোচনাত বহিব হিমন্ত বিশ্ব শৰ্মা

Last Updated :Sep 15, 2022, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.