Demand for Provincialization: বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা কাৰ্যকৰীকৰণৰ দাবী 14 টাকৈ সংগঠনৰ

author img

By

Published : Aug 11, 2022, 10:39 AM IST

Demand for Provincialization

কোকৰাঝাৰৰ অসম সাহিত্য সভা ভৱনত বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । শৰৎকালীন অধিবেশনৰ পূৰ্বে বিটিআৰত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ নকৰিলে গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচীৰ হুংকাৰ।

কোকৰাঝাৰ, ১১আগষ্ট : সদৌ বিটিআৰ অপ্ৰাদেশিকীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত বুধবাৰে কোকৰাঝাৰৰ অসম সাহিত্য সভা ভৱনত বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । উক্ত সভাত আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, এবিএমছু, আমছু, আগছু, বেংগলী ফেডাৰেচনকে ধৰি বিটিআৰ এলেকাৰ ১৪ টাকৈ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

উক্ত সভাৰ অন্তত সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ(All BTR Non Provincialized Primary Teachers Association) সাধাৰণ সম্পাদক ৰতন চন্দ্ৰ ৰায়ে অসম চৰকাৰৰ শৰৎকালীন অধিবেশনৰ পূৰ্বে বিটিআৰৰ চুক্তিৰ ৬.৩ (BTR Accord) নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে মডেলিটি প্ৰস্তুত কৰাৰ আহ্বান জনায় ।

তেওঁ বিটিআৰৰ সকলো অপ্ৰাদেশিকীকৃত বিদ্যালয় বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী উত্থাপন কৰে । তদুপৰি ভৱিষ্যতে আৰু কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ'ব বুলি অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰো দাবী জনায় ।

বিটিআৰৰ চুক্তিৰ ৬.৩ নম্বৰ দফা কাৰ্যকৰীকৰণৰ দাবী

অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত শিক্ষাদানৰ বিৰোধিতা কৰি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে (New education system in Assam) । আনহাতে, বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা ৰূপায়নৰ ক্ষেত্ৰত লেহমীয়া প্ৰক্ৰিয়া গ্ৰহণ কৰা বুলি অভিযোগ কৰি বিদ্যালয় প্ৰাদেশীকৰণ নকৰিলে তেওঁলোকৰ জীয়াই থকাৰ সমস্য়া হ'ব বুলি মন্তব্য কৰে ।

ইপিনে,উক্ত সভাত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলীয়ে কয় যে, শিক্ষকসকলৰ দূৰ্দশা কোনো এখন চৰকাৰে নুশুনিলে । শৰৎকালীন অধিবেশনৰ পূৰ্বে বিটিআৰত থকা অপ্ৰাদেশিকীকৃত বিদ্যালয়সমুহ প্ৰাদেশিকীকৰণ নকৰিলে গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক গৰাকীয়ে ।

আনহাতে, সভাখনত নাথ যোগী ছাত্ৰ সন্থাৰ(Nath Yogi Students Union)সাধাৰণ সম্পাদক অৰিবন্দ নাথে, কয় যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই হঠাতে কিবা সিদ্ধান্ত ল'ব আৰু সেয়া বিটিআৰৰ জনসাধাৰণে মানি ল'ব সেয়া কেতিয়াও হ'ব নোৱাৰে । অপ্ৰাদেশিকীকৃত বিদ্যালয়সমূহ অতিশীঘ্ৰে প্ৰাদেশিকীকৰণদাবী জনাইছে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নাথে । উক্ত সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সোণাধৰ ৰায়, আমছুৰ নেতা আনোৱাৰ হুছেইন, আগছু আৰু সদৌ অসম বেংগলী ফেডাৰচনকে ধৰি বিটিআৰ এলেকাৰ আন কেইবাটাও জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক:108 Mrityunjay Ambulance service: পুৰণি বাহনৰ ব্যৱহাৰেৰে 108 সেৱাক দিছে মৃত্যুদূতৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.