মহালয়া উপলক্ষে কোকৰাঝাৰত সাংস্কৃতিক শোভাযাত্ৰা

author img

By

Published : Sep 25, 2022, 2:25 PM IST

cultural-procession-on-occasion-of-mahalaya-in-kokrajhar

মহালয়া উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ মহালয়াৰ সৈতে সংগতি ৰাখি বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ কোকৰাঝাৰ চহৰস্থিত ডিপোৰোড দুৰ্গাপূজা কমিটিৰ উদ্যোগত উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰা (Cultural procession in Kokrajhar) ৷

কোকৰাঝাৰ, ২৫ ছেপ্টেম্বৰ: আজি মহালয়া (Mahalaya 2022) ৷ ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ । মহালয়া উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰতো দেওবাৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে (Mahalaya celebrated in Kokrajhar) ৷

মহালয়াৰ সৈতে সংগতি ৰাখি বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত এক সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়(Cultural procession in Kokrajhar) ৷ কোকৰাঝাৰ চহৰস্থিত ডিপোৰোড দুৰ্গাপূজা কমিটিৰ উদ্যোগত উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰা ৷

মহালয়া উপলক্ষে কোকৰাঝাৰত সাংস্কৃতিক শোভাযাত্ৰা

সাংস্কৃতিক শোভাযাত্ৰাৰ পতাকাৰে শুভাৰম্ভ কৰে ডিপোৰোড পূজা কমিটিৰ সাধাৰণ সম্পাদক চিন্ময় দে’য়ে ৷ সাংস্কৃতিক শোভাযাত্ৰাত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি শতাধিক মহিলা-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

ডিপোৰোড পূজা প্ৰাংগনৰ পৰা উলিওৱা শোভাযাত্ৰা আৰ এন বি ৰোড , ৰে’লৱে উৰণীয়া হেতু , শান্তিনগৰকে ধৰি কোকৰাঝাৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে ৷ পূজা মণ্ডপ প্ৰাংগনত দুৰ্গতিনাশিনী মা দুৰ্গাৰ আনুষ্ঠানিক পূজা-অৰ্চনা আৰম্ভ হোৱাৰ পূৰ্বে আজি কোকৰাঝাৰ চহৰত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷

লগতে পঢ়ক: আজি মহালয়া: ধৰালৈ আগমন দেৱী দুৰ্গাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.