শিলৰ আঘাতত চিৰনিদ্ৰাৰত হ’ল ধৰ্মযাজক খ্ৰিষ্ট’ফাৰ হেমব্ৰম
Published: Nov 18, 2023, 7:48 PM

শিলৰ আঘাতত চিৰনিদ্ৰাৰত হ’ল ধৰ্মযাজক খ্ৰিষ্ট’ফাৰ হেমব্ৰম
Published: Nov 18, 2023, 7:48 PM
দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আকোঁৱালি ল'লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্ৰীষ্টান ধৰ্মযাজক পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্ট’ফাৰ হেমব্ৰমে ৷ ধৰ্মগুৰুগৰাকীৰ অকাল মৃত্যুত ভিন্ন ঠাইত পৰিছে শোঁকৰ ছাঁ ৷
কোকৰাঝাৰ, ১৮ নৱেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্ৰীষ্টান ধৰ্মযাজক পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্ট’ফাৰ হেমব্ৰম ওৰফে ডাউঠু বৃহস্পতিবাৰে নিশা অৰুণাচলত সংঘটিত শিল বাগৰা ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় । তেওঁৰ সৈতে একেখন গাড়ীত (এএচ ১৬ জে ০৮৭১) অহা আন তিনি সহযোগী ক্ৰমে অভিজিৎ হেমব্ৰম, নিৰ্মল হেমব্ৰম আৰু লক্ষ্মীনাথ কিস্কুোও দুৰ্ঘটনাটোৰ ফলত মৃত্যুক আঁকোৱালি লয় ।
উল্লেখ্য যে, বহিঃৰাজ্যত কৰুণ মৃত্যক আকোঁৱালি লোৱা পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্ট’ফাৰ হেমব্ৰমসহ চাৰিওজনৰে ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ এলেকাত ৷ প্ৰাপ্ত বাতৰি মতে অৰুণাচলৰ কামেং জিলাত ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰি পাষ্টৰ ৰেভাৰেণ্ড খ্ৰিষ্ট’ফাৰ হেমব্ৰম গাড়ীৰে আন তিনি সহযোগীৰ সৈতে অসমলৈ ঘূৰি আহোতে পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল তেওঁলোকৰ গাড়ীৰ ওপৰত পৰে । প্ৰকাণ্ড শিল বাহনৰ ওপৰত পৰাত তেওঁলোকৰ বাহনখন চেপেটা হৈ পৰাৰ ফলত চাৰিওজন নিহত হয় ।
অৰুণাচল প্ৰদেশতে মৰণোত্তোৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত কাইলৈ মৃতেদহ স্বগৃহ আহি পাব আৰু সোমবাৰে অৰ্থাৎ ২০ নৱেম্বৰত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে মৃতকৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে । মৃত্যুৰ পূৰ্বে খ্ৰিষ্ট’ফাৰ হেমব্ৰমে সহধৰ্মিনী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যোৱাৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে ৷
ইপিনে খ্ৰিষ্ট’ফাৰ হেমব্ৰমৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগেলগে জন্মভূমি বালাজান তিনালী এলেকাতো শোকৰ ছাঁ পৰিছে । ১৯৯৬ চনলৈকে বালাজান তিনালীতে বসবাস কৰা খ্ৰিষ্ট’ফাৰ হেমব্ৰমৰ মাতৃ মাইনাও টুডু গৌৰাং হাইস্কুলৰ সহ-শিক্ষয়িত্ৰী আছিল । ১৯৯৬ চনত কোকৰাঝাৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ছোৱাতে খ্ৰিষ্ট’ফাৰ হেমব্ৰমে সংগ্ৰামী পথত ভৰি দিয়ে আৰু ১৯৯৬ চনৰ ৭ জুলাইত আদিবাসী কোব্ৰা মিলিটেণ্ট অব আছাম চমুকৈ আকমা নামৰ সশস্ত্ৰ সংগঠনটোৰ জন্ম দিয়ে ।
তেওঁ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল যদিও পাচলৈ তেওঁ সংগঠনৰ পৰা অব্যাহতি লৈ সমাজসেৱাত নামি পৰে আৰু গোসাইগাঁৱৰ শ্ৰীৰামপুৰতে থাকিবলৈ লয় । খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ পুৰোহিত হিচাবে খ্ৰিষ্ট’ফাৰ হেমব্ৰম ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ।
খ্ৰিষ্ট’ফাৰ হেমব্ৰমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে খ্ৰিষ্ট’ফাৰ হেমব্ৰমৰ মৃত্যু সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি । তেওঁ শান্তি আৰু আধ্যাত্মিকতাবাদৰ বাবে কাম কৰিছিল । মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।
ইপিনে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদা আৰু উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই খ্ৰিষ্ট’ফাৰ হেমব্ৰমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । এক বিবৃতিত তেওঁলোকে কয় যে খ্ৰিষ্ট’ফাৰ হেমব্ৰমে সদায় স্বজাতিৰ মংগলৰ হকে কাম কৰিছিল আৰু সংগ্ৰামৰ পৰা আধ্যাত্মিকতাবাদলৈ তেওঁৰ অগাধ জ্ঞান আছিল ।
তেওঁৰ মৃত্যুত আদিবাসী সমাজে এগৰাকী শুভচিন্তক হেৰুৱালে বুলি মন্তব্য কৰি মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদা আৰু উপাধ্যক্ষ সুভাষ তিৰ্কীয়ে ।
