Cattle mafia injured in police firing : কোকৰাঝাৰত গো মাফিয়ালৈ আৰক্ষীৰ গুলী

author img

By

Published : Nov 27, 2021, 6:48 PM IST

Police firing cow mafia in Kokrajhar

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গো-মাফিয়া(Cattle mafia injured in police firing) ৷ আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই আৰক্ষীৰ গুলীত আহত অবৈধ চোৰাং গৰু-মহৰ সৰবৰাহ (Cattle smuggling)ৰ সৈতে জড়িত খাইৰুল ইছলাম নামৰ এজন ব্যক্তি(33) ৷

কোকৰাঝাৰ 27 নৱেম্বৰ : গো মাফিয়াৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী(Kokrajhar police operation against Cattle smugglers )ৰ অভিযান অব্যাহত থকাৰ মাজতে আৰক্ষীৰ গুলীত আহত হয় এজন গো-মাফিয়া(Cattle mafia injured in police firing) ৷ শনিবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কাক্ৰিখোলা অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই আৰক্ষীৰ গুলীত আহত হয়( injured during firing while trying to flee from police custody) চোৰাং গৰু -মহৰ অবৈধ সৰবৰাহৰ লগত জড়িত কোকৰাঝাৰ জিলাৰ জাওলিয়াপাৰা গাঁৱৰ খাইৰুল ইছলাম ( 33 ) ৷

জানিব পৰা মতে, কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে জাওলিয়াপাৰাৰ খাইৰুল ইছলামক আটক(Cattle Smugglers detained) কৰিছিল ৷ শনিবাৰে পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীয়ে আটকাধীন খাইৰুলক লগত লৈ গৰু -ম’হৰ চোৰাং ব্যৱসায়ীৰে জড়িত তথা তেওঁৰ সহযোগীৰ ঘৰ দেখুৱাবলৈ কাক্ৰিখোলাত উপস্থিত হয় ৷ সেই সময়তে দিব্যজ্যোতি কলিতা নামৰ আৰক্ষী পৰিদৰ্শক জনৰ পিষ্টল কাঢ়ি খাইৰুল ইছলাম জংঘললৈ পলায়নৰ চেষ্টা কৰে আৰু আৰক্ষীৰ অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি গুলীয়াবলৈ উদ্যত হয় ৷

ইয়াৰ পিছতে বাধ্য হৈ আৰক্ষীয়ে গুলীচালনা কৰাত খাইৰুল গুলীবিদ্ধ হৈ আহত হয় ৷

সোঁ ভৰিত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা খাইৰুল ইছলামক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে খাইৰুলক বৰপেটা মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বৰপেটা আৰক্ষীৰ অভিযানত উদ্ধাৰ চোৰাংভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.