ৰঞ্জন দৈমাৰীৰ কাৰাদণ্ডৰ ৰায় সন্দৰ্ভত বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 27, 2022, 8:28 PM IST

BTR reaction on Ranjan Daimary life imprisonment

ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড ৰায়দানক লৈ বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কোকৰাঝাৰ, 27 ছেপ্টেম্বৰ: ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড ৰায়দানক লৈ বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (October 30 bomb blast main accused) ৷ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (BTR reaction on Ranjan Daimary life imprisonment ) ৷

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰীৰ সৈতে 10 জনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহান ৰখাৰ লগতে আন চাৰিজনক দোষমুক্ত ঘোষণা কৰে (Ranjan Daimary life imprisonment ) ৷

দোষমুক্ত হোৱা কেইজনৰ নাম অনচাই বড়ো, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্ম ৷ ইয়াৰ বিপৰীতে ৰঞ্জন দৈমাৰী, অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ আহক: বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়া

ইয়াৰ পিছতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (BTR Chief Pramod Bodo) এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মহামান্য আদালতে প্ৰদান কৰা ৰায়ক লৈ আমি দুঃখিত ৷ ৰঞ্জন দৈমাৰীয়ে শান্তি প্ৰক্ৰিয়াত জড়িত হৈছে, এই অঞ্চলৰ বাবে দীঘলীয়া সময়ৰ এক সংগ্ৰাম কৰিছে ৷ ৰঞ্জন দৈমাৰীৰ মুক্তি অথবা তেওঁক ন্যায়ালয়ে প্ৰদান কৰা শাস্তিৰ সময়সীমা কেনেদৰে হ্ৰাস কৰিব পাৰি ৷ এই সন্দৰ্ভত আমি পুনৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনাত মিলিত হ’ম ৷ আমি বিচাৰো তেখেতে মুকলি আকাশাৰ তললৈ আহিব লাগে ৷ তেওঁ সমাজৰ লগত থাকি এই অঞ্চলৰ উন্নয়নৰ লগতে ৰক্ষণাবেক্ষণ দিয়া কাম যাতে সুকলমে কৰিব পাৰে তাৰ বাবে আমাৰ তৰফৰ পৰা এটা প্ৰয়াস কৰিম’’ ৷

ৰায়দানক লৈ দুঃখিত প্ৰাক্তন এনডিএফবিৰ (এছ) সাধাৰণ সম্পাদক তথা বিটিআৰৰ কাৰ্যবাহী ৰঞ্জিত বসুমতাৰী ৷ তেওঁ কয় "এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি আৰু তেওঁলোকৰ লগত থকা সতীৰ্থ সকলৰ মুকলিৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিছে সেইয়া অত্যন্ত দুখজনক ৷ মই এজন চৰকাৰী ব্যক্তি হিচাপে এই কথা কোৱা নাই ৷ এগৰাকী প্ৰাক্তন এন এফ বি সদস্য হিচাপে এই কথা কৈছো ৷ বিটিআৰৰ চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী সময়ত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি আমি প্ৰয়াস কৰিম’’ ৷

প্ৰাক্তন এন ডি এফ বিৰ ( প্ৰ )ৰ সভাপতি তথা বিটিআৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়, "ৰঞ্জন দৈমাৰীৰ সন্দৰ্ভত মহামান্য আদালতে দিয়া ৰায় আমি একেবাৰে আশা কৰা নাছিলো ৷ এজন চুক্তি স্বাক্ষৰকাৰী হিচাপে মানৱীয় দৃষ্টিভংগী ৰাখি পূৰ্বৰ ৰায়ৰ কিছু সাল-সলনি ঘটাই নতুনকৈ ৰায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছিলো ৷ আমাৰ আশা ফলৱৰ্তী নহ’ল ৷ তথাপিও আমি তেওঁক মুকলি আকাশৰ তললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিম" ৷

লগতে পঢ়ক: কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক মুকলিৰ আহ্বান এবছুৰ

উল্লেখ্য যে, ২০০৮ চনৰ গুৱাহাটীত ৩ টা, বৰপেটা ৰোডত ২ টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২ টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল । একপ্ৰকাৰ সমগ্ৰ ৰাজ্য কঁপি উঠিছিল । সেই কঁপনি আজিও অনুভৱ কৰে ভুক্তভোগীসকলে । এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ঘটনাৰ ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ।

ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চি বি আয়ে । চাৰ্জশ্বীটত ২২ জনৰ নাম আছিল যদিও ৭ জন পলাতক আছিল । আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে । বিস্ফোৰণত দোষী সাব্যস্ত হোৱাসকল হৈছে ক্ৰমে ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, মৃদুল গয়াৰী, বি থৰাই ওৰফে বৈশাগী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লক’ বসুমতাৰী, ৰাজেন গয়াৰী আৰু নীলিম দৈমাৰী ।

লগতে পঢ়ক: ছোনিয়াৰ কঠোৰ স্থিতিত নেগুৰ পেলালে গেহলট শিবিৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.