বেদখলকাৰীক উচ্ছেদৰ দাবীত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Sep 19, 2022, 10:04 PM IST

BTPF protest demanding eviction in Kokrajhar

জনজাতি খণ্ড-আবেষ্টনীৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ধৰ্ণা কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ (BTPF protests demanding eviction) ৷ বেদখলকাৰীৰ কৱলত বিটিআৰৰ জনজাতি খণ্ড-আবেষ্টনীৰ ৩ লাখ ৭৯ হেজাৰ ৫০৫ বিঘা ভূমি ৷

কোকৰাঝাৰ, ১৯ ছেপ্টেম্বৰ: বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সোমবাৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই তিনি ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীৰ নেতৃত্বত পালন কৰে এই ধৰ্ণা কাৰ্যসূচী (Boroland Tribal Protection Forum protests demanding eviction) ৷

বিটিআৰৰ লগতে সমগ্ৰ অসমৰ জনজাতি খণ্ড -আবেষ্টনীৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবীৰে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই মাটি অবৈধভাৱে বেদখল কৰা লোকসকলক উচ্ছেদ কৰিবলৈ দাবী প্ৰতিবাদকাৰীৰ ৷ প্ৰতিবাদকাৰীসকলে জনজাতিৰ ভূমি বেদখল মুক্ত কৰক, জনজাতিৰ ভূমি জনজাতিক ঘোঁৰাই দিয়ক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ধৰ্ণাস্থলী (BTPF protest demanding eviction in Kokrajhar) ৷

বেদখলকাৰীক উচ্ছেদৰ দাবীত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ধৰ্ণা কাৰ্যসূচী

ইপিনে সংবাদ মাধ্যমৰ আগত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীয়ে কয় যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ায়ক অসম লেণ্ড-ৰেভিনিউ এক্টৰ দহ নং দফা অনুযায়ী বিটিআৰৰ লগতে সমগ্ৰ অসমৰ অবৈধ বেদখলকাৰীৰ কৱলত থকা জনজাতি খণ্ড-আবেষ্টনীৰ ভূমি অনতি পলমে উচ্ছেদ কৰি মুক্ত কৰাৰ বাবে আজিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

তদুপৰি বিটিআৰ অঞ্চলৰ ৩ লাখ ৭৯ হেজাৰ ৫০৫ বিঘা জনজাতি খণ্ড-আবেষ্টনীৰ ভূমি বেদখলকাৰীৰ কৱলত থকাৰ লগতে ১৬৮ খন জনজাতি গাঁৱৰ ভূমি বেদখলকাৰীয়ে বেদখল কৰি আছে বুলিও কয় নাৰ্জাৰীয়ে ৷ ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিসমুতিয়াৰীও উপস্থিত আছিল ৷ উল্লেখ্য যে, ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

লগত পঢ়ক: ৰে’ল বিভাগৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.