বিটিচিৰ শৰৎকালীন অধিবেশনত 298 কোটি টকাৰ অতিৰিক্ত বাজেট গৃহীত

author img

By

Published : Sep 27, 2022, 10:37 PM IST

Updated : Sep 27, 2022, 10:51 PM IST

BTC Autumn session  in Kokrajhar

দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ শৰৎকালীন অধিবেশনখন সম্পন্ন হয় (BTC Autumn session in Kokrajhar) ৷ সদনৰ মজিয়াত বিটিআৰ অঞ্চলৰ উন্নয়নমূলক কাম-কাজ কৰাৰ লক্ষ্যৰে শৰৎকালীন অধিবেশনত 29814.34 লাখ টকাৰ অতিৰিক্ত বাজেট গৃহীত হয় ৷

কোকৰাঝাৰ, ২৭ ছেপ্টেম্বৰ : কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিআৰ বিধান পৰিষদীয় ভৱনত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ শৰৎকালীন অধিবেশনখন সম্পন্ন হয় (BTC Autumn session in Kokrajhar) ৷ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত শৰৎকালীন অধিবেশনৰ সময়ছোৱাত শাসকীয় ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (BTR Chief Pramod Bodo), উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী সহ বিজেপি, জিএছপি দলৰ কাৰ্যবাহী সদস্য সকলৰ লগতে বিৰোধী দল বিপিএফৰ দলপতি দেৰহাছাৎ বসুমতাৰী আৰু অধিকাংশ পাৰিষদ উপস্থিত থাকে ৷

ইয়াৰ বিপৰীতে পূৰ্বৰ দৰে আজিৰ অধিবেশনত অনুপস্থিত থাকে বিপিএফৰ সভাপতি তথা পাৰিসদ হাগ্ৰামা মহিলাৰী ৷ ইফালে অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনৰ আলোচনা কালত শাসক বিৰোধীৰ মাজত তীব্ৰ তৰ্ক বিতৰ্ক, যুক্তি প্ৰদৰ্শনক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

বিশেষকৈ শাসকীয় দল ইউপিপিএলৰ মিত্ৰ দল বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ আৰু বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীৰ মাজত কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ কেইবাটাও বিভাগৰ কদৰ্যময় পৰিবেশকলৈ বিপিএফৰ পাৰিষদ গৰাকীয়ে সদনৰ মজিয়াত যুক্তি প্ৰদৰ্শন কৰাক লৈ তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ অৱশ্যে অধ্যক্ষৰ হস্তক্ষেপত বাক বিতণ্ডাৰ শাম কাটি পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

উল্লেখ্য যে, ইয়াৰ পিছতে সদনৰ মজিয়াত বিটিআৰ অঞ্চলৰ উন্নয়নমূলক কাম-কাজ কৰাৰ লক্ষ্যৰে শৰৎকালীন অধিবেশনত 29814.34 লাখ টকাৰ অতিৰিক্ত বাজেট গৃহীত হয় ৷

লগতে পঢ়ক: সাংবাদিকক নীতি শিক্ষা দি ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মুখ্যমন্ত্ৰীক অহ্বান লুৰীণজ্যোতি গগৈৰ

Last Updated :Sep 27, 2022, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.