বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা 2021 ৰে সন্মানিত ড৹ অভয় বাং

author img

By

Published : Nov 14, 2021, 1:52 PM IST

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰ এই সন্মানীয় বঁটা প্ৰাপক ড৹ অভয় বাঙ্

কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা 2021 প্ৰদান অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীয়ো গণ্য-মান্য ব্যক্তি ৷

কোকৰাঝাৰ, 14 নৱেম্বৰ : বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা অনুষ্ঠানটি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত সুকলমে অনুষ্ঠিত হৈ যায় ৷ 2021ৰ এই সন্মানীয় বঁটাপ্ৰাপক গৰাকী হ’ল মহাৰাষ্ট্ৰৰ বিশিষ্ট চিকিৎসক, শিক্ষাবিদ, গৱেষক, সমাজসেৱক ড৹ অভয় বাং ৷

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰ এই সন্মানীয় বঁটা প্ৰাপক ড৹ অভয় বাঙ্
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

মহাৰাষ্ট্ৰৰ গৰচিৰুলীস্থিত ড৹ অভয় বাঙে 18 সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে ৷ কোকৰাঝাৰৰ চান্দমাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসমৰ হস্ততাঁত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু ইউ এনবিটিৰ অধ্যক্ষ ড৹ সুবুং বসুমতাৰীয়ে ড৹ অভয় বাঙক এই সন্মানীয় বঁটা প্ৰদান কৰে ৷

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰ এই সন্মানীয় বঁটা প্ৰাপক ড৹ অভয় বাঙ্
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰ এই সন্মানীয় বঁটা প্ৰাপক ড৹ অভয় বাঙ্

বঁটাৰ লগতে তেখেতক এক লাখ টকাৰ চেক, আৰনাই আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰা ড৹ বাঙে সংবাদ মাধ্যমৰ আগত বড়ো আৰু মহাৰাষ্ট্ৰবাসীৰ গুণৰ মিল থকা বুলি মন্তব্য কৰে ৷ লগতে শিক্ষা-দীক্ষা গ্ৰহণৰ অন্তত নিজৰ জন্মস্থানতে থাকি উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰিবলৈ নৱ-প্ৰজন্মক আহ্বান জনায় ৷

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৰ এই সন্মানীয় বঁটা প্ৰাপক ড৹ অভয় বাঙ্

আনহাতে, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ইউ. এন ব্ৰহ্ম ন্যাসৰ এই প্ৰচেষ্টা আৰু উদ্যোগৰ শলাগ লৈ কয় যে ‘এইয়া অকল বড়ো বুলি নহয়, বিভিন্ন জাতি-জনগোষ্ঠীৰ কাৰণে এক ভাল পদক্ষেপ’ ৷

লগতে চাওক : World Diabetes Day: মধুমেহ ৰোগৰ মূল কাৰণ খাদ্যাভাস আৰু শাৰীৰিক শ্ৰম হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.