বডোফাৰ পৰিয়ালক সাক্ষাৎ বিশ্বজিৎ দৈমাৰীৰ

author img

By

Published : Oct 1, 2022, 2:07 PM IST

Kokrajhar

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ প্ৰয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বাসগৃহত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Speaker Biswajit Daimary meets Bodofa family)। বডোফাৰ ভতিজাকক নিযুক্তি পত্ৰ প্ৰদান । জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱীৰ সৈতে মত-বিনিময় ।

কোকৰাঝাৰ, ১ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ দোতমাৰ বৰাগাৰী গাঁৱত শনিবাৰে উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary in Kokrajhar)। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ প্ৰয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বাসগৃহত উপস্থিত হৈ বডোফাৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে অধ্যক্ষগৰাকীয়ে (Speaker Biswajit Daimary meets Bodofa family) ৷ লগতে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে বডোফাৰ পৰিয়ালৰ নিকটতম সদস্য তথা বডোফাৰ ভতিজা থুলাউ ব্ৰহ্ম ওৰফে থুব্লাউক অসম বিধানসভাৰ পুথিভঁৰাল এটেনডেণ্টৰ পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে (Biswajit Daimary handed over appointment letter) ৷ ইয়াৰোপৰি অধ্যক্ষ দৈমাৰীয়ে বডোফাৰ আন এগৰাকী ভতিজা তথা বিশেষভাৱে সক্ষম মেনলা ব্ৰহ্মক এখন অত্যাধুনিক ইলেকট্ৰনিক হুইল চেয়াৰো প্ৰদান কৰে ৷

বডোফাৰ পৰিয়ালক সাক্ষাৎ বিশ্বজিৎ দৈমাৰীৰ

উল্লেখ্য যে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শনিবাৰে বডোফাৰ পৰিয়ালক সাক্ষাৎ কৰি পোনে পোনে দোতমাৰ থুলংগাপুৰীত থকা বডোফাৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ বডোফাৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি আৰু বডোফাৰ প্ৰতিকৃতিত মাল্যাপৰ্ণ কৰে (Assam speaker visits Bodofa Cemetery) ৷ ইয়াৰ পাছতে দুপৰীয়াৰ ভাগত জেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱীৰে এক অন্তৰংগ আলোচনা সভাত তেওঁ ভাগ লয় (Assam speaker participate interactive session) ৷

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দোতমা ভ্ৰমণসূচীৰ সময়ত তেওঁৰ সৈতে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইচলাৰী, গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰী, বড়ো কছাৰী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ ব্ৰহ্ম আৰু জিলা উপাযুক্ত বৰ্ণালী ডেকা উপস্থিত থাকে ৷

লগতে পঢ়ক :ৰঙিয়াত ৰাজধানী এক্সপ্রেছ দৈনিক ৰখোৱাৰ দাবী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.