Assam Govt official nabbed: ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ পশুপালন বিভাগৰ বিষয়া

author img

By

Published : Nov 24, 2021, 12:30 PM IST

assam-veterinary-officer-arrested-for-taking-bribe

টকাৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আমদানিৰ অনুমতি দি মঙলবাৰে গ্ৰেপ্তাৰ হয় এগৰাকী জ্যেষ্ঠ বিষয়া (Assam government senior official arrested) ৷ আটক হোৱা বিষয়া গৰাকী হ'ল ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞা ৷ বুধবাৰে বিশেষ আদালতত আজি হাজিৰ কৰোৱা হ’ব অৰূপজ্যোতি ভূঞাক ৷

কোকৰাঝাৰ, ২৩ নৱেম্বৰ : ধনৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আমদানিৰ অনুমতি দিয়াৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ হ’ল এগৰাকী জ্যেষ্ঠ বিষয়া (Assam government senior official arrested) ৷ চোৰাং সৰৱৰাহ ৰোধ কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখাৰ সময়তে চৰকাৰৰ এইগৰাকী বৰমুৰীয়াই টকাৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আমদানিৰ অনুমতি প্ৰদান কৰাৰ ঘটনাই চৌদিশে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

টকাৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আমদানিৰ অনুমতি প্ৰদান কৰাৰ পিছত পুনৰ উৎকোচ বিচৰাৰ পৰিণতিতে মঙলবাৰে আৰক্ষী আৰু দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ (Assam animal husbandry and veterinary department)ৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞা । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional SP of Kokrajhar) সুৰজিৎ সিং পানেছাৰ (Surjeet Singh Panesar)এ সদৰি কৰা মতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাই টকাৰ বিনিময়ত যধেমধে বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ অনুমতি প্ৰদান কৰিছিল ।

ইয়াৰোপৰি টকাৰ বিনিময়ত গৰু আমদানিৰ অনুমতি প্ৰদান কৰাৰ পিছত বিষয়াগৰাকীয়ে পুনৰাই ব্যৱসায়ীসকলৰ পৰা বুজন পৰিমানৰ উৎকোচ বিচাৰিছিল । তেনে এক অভিযোগ কোকৰাঝাৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে এই সন্দৰ্ভত চলোৱা হৈছিল তদন্ত ৷ তদন্তত বিষয়টো সঁচা বুলি প্ৰমাণ হোৱাত মঙলবাৰে গুৱাহাটীৰ পৰা দুৰ্নীতি নিবাৰক শাখা (Guwahati Crime Branch Department)ৰ সহযোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰা হয় ।

বুধবাৰে অৰূপজ্যোতি ভূঞাক বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে (Surjeet Singh Panesar) ।

লগতে পঢ়ক: এটা গোচৰত জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবুৰ ৰহমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.