আজি উপ নিৰ্বাচন : গোঁসাইগাঁৱত শান্তিপূৰ্ণভাৱে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

author img

By

Published : Oct 30, 2021, 10:56 AM IST

Gossaigaon poll

আজি ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন । গোঁসাইগাঁও সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে । সমষ্টিটোৰ মুঠ আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত ।

কোকৰাঝাৰ, ৩০ অক্টোবৰ : ৰাজ্যৰ আন আন সমষ্টিসমূহৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিতো চলিছে ভোটদান প্ৰক্ৰিয়া । শনিবাৰে পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

Gossaigaon poll
গোঁসাইগাঁৱত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

ক'ভিড বিধি মানি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন । মাস্ক পৰিধান কৰি ভোটকেন্দ্ৰলৈ আহিছে ভোটাৰ । ইতিমধ্যে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ ভীৰ পৰিলক্ষিত হৈছে ৷

Gossaigaon poll
গোঁসাইগাঁৱত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ হাতীধুৰাস্থিত ১১৭ নং সাপমাৰী জে বি স্কুলৰ ভোটকেন্দ্ৰত এআইইউডিএফ দলৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰে প্ৰথমে ভোটাধিকাৰ সাব্যস্ত কৰে ।

পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত

ভোটদান কৰি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত ইউপিপিএল, বিপিএফ আৰু এআইইউডিএফৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰে । ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ ২৮৫ টা কেন্দ্ৰত চলিছে ভোটগ্ৰহণ ।

Gossaigaon poll
গোঁসাইগাঁৱত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

সমষ্টিটোত মুঠ আঠগৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । উল্লেখ্য যে, শনিবাৰে ৰাজ্যৰ ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য ।

লগতে পঢ়ক: ৰাইজৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.