উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

author img

By

Published : Sep 23, 2021, 10:08 AM IST

ABSU

কোকৰাঝাৰৰ উল্টাপানীৰ ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ জিলাখন । বুধবাৰে এবছুসহ ১৩ টা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবীৰ লগতে কোনো নিৰীহ লোকক ভুৱা এনকাউণ্টাৰত হত্যা নকৰিবলৈ আৰক্ষীক আহ্বান স্থানীয় সংগঠনসমূহৰ ।

কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীৰে সংঘৰ্ষত দুই বড়ো যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি কোকৰাঝাৰত অব্যাহত আছে প্ৰতিবাদ ৷ আৰক্ষীয়ে ভুৱা সংঘৰ্ষৰে দুজনকৈ নিৰীহ বড়ো যুৱকক বৰ্বৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত ধৰ্ণা কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক এবছু কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ৷ হাতে হাতে প্লে-কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ শ্ল'গানেৰে উত্তাল কৰি তোলে ৷

ABSU
উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উল্টাপানীত আৰক্ষীয়ে ভুৱা সংঘৰ্ষৰ নাটক ৰচি দুজনকৈ নিৰীহ যুৱকক হত্যা কৰা ঘটনা কোনোপধ্যে সমৰ্থনযোগ্য নহয় বুলি দাবী কৰে । বড়ো শান্তি চুক্তিৰ পাছত এনে ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে ।

বড়োভূমিত এই ঘটনাই শেষ ঘটনা হওঁক আৰু বন্দুক-বাৰুদৰ অৱসান ঘটক বুলি মন্তব্য কৰি এবছুৰ সভাপতি দ্বীপেন বড়োই ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় । তদুপৰি কোনো নিৰীহ লোকক ভুৱা এনকাউন্টাৰেৰে হত্যা নকৰিবলৈ আৰক্ষী প্ৰশাসনকো এবছুৱে সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে, ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ (NDFB) চাৰিওটা গোটৰ সৈতে এবছুৱে শান্তি চুক্তি স্বাক্ষৰিত কৰিছিল ৷ ইয়াৰ পাছত কোনোবাই নতুন নতুন সশস্ত্ৰ সংগঠনৰ জন্ম দি নতুন ভাবুকি দি অঞ্চলটোত অশান্তি নমাই আনিব তাক কোনোদিনে মানি ল'ব নোৱাৰে বুলি মন্তব্য কৰে বড়োৱে ।

ABSU
উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

ইউএলবি (ULB) নামৰ নতুন সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতিগৰাকীয়ে । কোনো কাৰণতে নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱাটো এবছুৱে কামনা নকৰে আৰু ইউএলবিক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায় দ্বীপেন বড়োৱে ।

বডোফা শিশু উদ্যানত এবছুৰ প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ সূত্ৰধৰ সন্মিলনী, অনুসূচিত ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, বেংগলী ফেডাৰেছন, বড়ো সমাজ, ট্ৰাইবেল সংঘ, গোৰ্খা সমাজ আদিকে ধৰি ১৩ টাকৈ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । ধৰ্ণা কাৰ্যসূচীৰ অন্তত এবছুৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কৃপেশ দৈমাৰী আৰু খাম্পা বসুমতাৰীৰ স্বাক্ষৰিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

উক্ত স্মাৰকপত্ৰৰ যোগেৰে এবছুৱে কোকৰাঝাৰৰ ভুৱা সংঘৰ্ষক উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত কৰা, নিহতৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণ দিয়া, দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু বিটিআৰ অঞ্চলত যিকোনো ধৰণৰ ভুৱা সংঘৰ্ষৰে নিৰীহক হত্যা কৰা বন্ধ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.