গৰুখুঁটিৰ উচ্ছেদ অভিযানক লৈ উত্তাল BTR

author img

By

Published : Sep 25, 2021, 12:42 PM IST

ABMSU

এবিএমছুৰ উদ্যোগত বিটিআৰৰ চাৰি জিলাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অসমৰ চৰকাৰ তথা প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে এই উচ্ছেদ বন্ধ কৰি উচ্ছেদিত সকলক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ।

কোকৰাঝাৰ, ২৫ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিক্ৰিয়া স্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুই (ABMSU) ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

শুকুৰবাৰে এবিএমছুৱে বিটিআৰৰ চাৰি জিলাৰ দহটা মহকুমাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশস্বৰূপে সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ নিকটৱৰ্তী ভোটগাঁঁৱতো গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা এবিএমছুৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ABMSU
গৰুখুঁটিৰ উচ্ছেদ অভিযানক লৈ উত্তাল BTR

প্ৰতিবাদী কাৰ্যসূচীত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুন্দিন আলীয়ে ছিপাঝাৰৰ অমানৱীয় উচ্ছেদ কাণ্ড আৰু নিৰীহ দুজনকৈ লোকক গুলীয়াই হত্যা কৰা ঘটনাক গৰিহণা দি অসম চৰকাৰে অমানৱীয় ভাৱে চলোৱা উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায় ।

ধলপুৰৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ চৰকাৰে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত সাম্প্ৰদায়িক মনোভাৱৰে অমানৱীয়ভাৱে উচ্ছেদ চলাই থাকিলে ছাত্ৰ সংগঠনটোৱে হাত সাৱটি বহি নাথাকে বুলি ভাবুকি প্ৰদান কৰে । প্ৰতিবাদী কাৰ্যসূচীত এবিএমছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলাম, প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি মইনুল হক আৰু কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম উপস্থিত থাকে ৷

লগতে পঢ়ক : কলগাছিয়াত আমছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.