1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 1, 2022, 1:02 PM IST

top-10-at-1pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

দেশত আৰম্ভ হ'ল 5G সেৱা (5G starts in India)। শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰে এই সেৱা । প্ৰগতি ময়দানত আয়োজিত ষষ্ঠ ভাৰত মোবাইল কংগ্ৰেছ প্ৰদৰ্শনী পৰিদৰ্শনো কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক নিলম্বন

দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন ৷ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়াজনৰ নাম নিতাই চন্দ্ৰ ৰয় (Dhula police station OC suspended) ৷ নিয়ম ভংগ কৰাৰ অভিযোগত নিলম্বন আৰক্ষী বিষয়াজনক ৷

গোলাম নবী আজাদ ডেমক্ৰেটিক আজাদ পাৰ্টিৰ অধ্যক্ষ নিৰ্বাচিত

২৬ আগষ্টত কংগ্ৰেছ ত্যাগ কৰা গোলাম নবী আজাদে ২৬ ছেপ্টেম্বৰত জম্মুত কেইবাগৰাকী প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক আৰু অন্যান্য নেতাৰ সমৰ্থনত ডেমক্ৰেটিক আজাদ পাৰ্টি (Democratic Azad Party) গঠন কৰিছিল । ইয়াৰ পিছত তেওঁকেই অধ্যক্ষ নিৰ্বাচিত কৰা হৈছে বুলি সদৰি কৰিছে দলৰ এক সূত্ৰই ।

টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন

অৰুণাচল প্ৰদেশৰ টাৱাঙত তৃতীয় DRDO কিষাণ-জোৱান-বিজ্ঞান মেলাৰ আয়োজন । সেনাবাহিনীৰ বিষয়া তথা জোৱানসকলৰ দ্বাৰা আয়োজিত এই বিজ্ঞান মেলাত কৃষিজাত উৎপাদিত সামগ্ৰী প্ৰতিযোগিতা, প্ৰগতিশীল কৃষকৰ বাবে বঁটা প্ৰদান, প্ৰদৰ্শনী, কৃষক সভা অনুষ্ঠানৰ আয়োজন কৰা হয় (Kishan Jawan Bijnan Mela at Tawang Arunachal) ।

চাৰিওফালে দুৰ্গা পূজাৰ আনন্দ, ঢেপাৰগাঁৱৰ ৰাইজ ব্যস্ত বাঁহৰ সাকোঁ নিৰ্মাণত

কামৰূপ জিলাৰ ৰঙিয়াত ঢেপাৰগাঁৱৰ ৰাইজে পূজাৰ মণ্ডপলৈ যোৱাৰ পৰিৱৰ্তে যাতায়তৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছে বাঁহৰ সাঁকো (Public built bamboo bridge)। নিজৰ হাতৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিছে প্ৰায় ২০০ ফুট দৈৰ্ঘৰ সাঁকোখন । বানবিধ্বস্ত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

কলগাছিয়াত ভয়ংকৰ খহনীয়া: চকুৰ সন্মুখতে খহিছে এটাৰ পাছত আনটো গৃহ, নিৰ্বিকাৰ ৰাইজ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলাত বিগত দুটা বছৰ ধৰি অব্যাহত আছে বেকী, ব্ৰহ্মপুত্ৰ আৰু আই নদীৰ ভয়ংকৰ খহনীয়া (Beki River Erosion)। চকুৰ সন্মুখতে খহি গৈছে এটি পকী গৃহ । কেৱল ইমানেই নহয় খহনীয়াত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ যাৰ ফলত অনিদ্ৰা-অনাহাৰে জীৱন কটাব লগা হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈ পৰীয়া ৰাইজে ৷

পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান । এই উদ্যানখন 79.28 কিঃমিঃ (30.61 বৰ্গমাইল) এলেকা আৱৰি আছে । ১৯৮৫ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হয় আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা হয় (Orang National Park) ।

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ (Protest at Sivasagar municipality office) ৷ শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন পৌৰনেত্ৰী । দূৰ্গা পুজা (Durga Puja 2022) উপলক্ষে অস্থায়ী দোকানসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ নিবিদাত হোৱা অনিয়মৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

মহিমা চাহ বাগিচাৰ বিষয়াক আক্ৰমণ কৰ্মচাৰীৰ

দুৰ্গা পূজাৰ প্ৰাক্ক্ষণত গোলাঘাটত অঘটন (Attempt to murder at Golaghat) । গোলাঘাট জিলাৰ মহিমা চাহ বাগিচাত (Mahima Tea Garden of Golaghat) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । চাহ বাগিচাখনৰ সমাজ কল্যাণ বিষয়া (Officer of Mahima Tea Garden stabbed) কেশৱ কৰ্মকাৰক আক্ৰমণ । বাগিচাখনৰ স্থায়ী কৰ্মচাৰী অনন্ত তাঁতীয়ে যোৱা নিশা চোকা অস্ত্ৰৰে কৰ্মকাৰৰ ডিঙিত ঘপিওৱাত তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ।

Cong prez polls : আজি নাগপুৰৰ পৰা প্ৰচাৰ আৰম্ভ কৰিব শশী থাৰুৰে

ভ্ৰমণসূচী অনুসৰি, শশী থাৰুৰে শনিবাৰে আবেলি 4.50 বজাত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰিব । তাৰ পৰা তেওঁ দীক্ষাভূমিলৈ ৰাওনা হ'ব । তাত তেওঁ ডঃ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন সংবাদমেল সম্বোধন কৰিব (Congress prez candidate Sashi Tharoor)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.