11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 26, 2021, 10:58 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

মণিপুৰত মাৰণাস্ত্ৰসহ আটক NSCN, কুকি উগ্ৰপন্থী

শেহতীয়াকৈ মণিপুৰত আটক চাৰি কুকি উগ্ৰপন্থীৰ লগতে এজন শীৰ্ষ NSCN-IM কেডাৰ ৷ ধৃত দলটোৰ পৰা মাৰণাস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চলোৱা আন এক অভিযানত অসম ৰাইফলছে মণিপুৰৰ সেনাপতি জিলাৰ মাৰামত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত National Socialist Council of Nagalim অৰ্থাৎ ইছাক মুইভাৰ এজন শীৰ্ষ কেডাৰক আটক কৰে ৷

ৰামোজী ফিল্ম চিটিলৈ তেলেংগানা চৰকাৰৰ ৰাজ্যিক পৰ্যটন বঁটা

পৰ্যটকৰ বাবে একপ্ৰকাৰ স্বৰ্গস্বৰূপ হায়দৰাবাদস্থিত ৰামোজী ফিল চিটিলৈ তেলেংগানা চৰকাৰে আগবঢ়াইছে ৰাজ্যিক পৰ্যটন বঁটা ৷ 27 ছেপ্তেম্বৰত পৰ্যটন দিৱসৰ প্ৰাকমূহুৰ্তত তেলেংগানা চৰকাৰে ঘোষণা কৰিছে এই বঁটা প্ৰাপকৰ নাম ৷

বিশ্ব পৰ্যটন দিৱস উপলক্ষে ‘লক্ষ্যস্থান তেজপুৰ’ শীৰ্ষক কাৰ্যসূচী

27 ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া বিশ্ব পৰ্যটন দিৱস (World Tourism Day)ৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে(Sonitpur District Administration) দুদিনীয়া কাৰ্যসূচীৰে লক্ষ্যস্থান তেজপুৰ নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে ৷

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত ‘জুডিমা’লৈ ভৌগোলিক স্বীকৃতি

ডিমাচা জনগোষ্ঠী(Dimasa Tribe)ৰ পৰম্পৰাগত পানীয় ‘জুডিমা’(Judima)লৈ Geographical Indication ৰ স্বীকৃতি প্ৰদান ৷ এই সাফল্য লাভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে(Assam Agricultural University) ৷

সত্ৰীয়া সংস্কৃতিৰ সাধক জগন্নাথ বায়নক সাক্ষাৎ সাংসদ দিলীপ শইকীয়াৰ

সম্প্ৰতি বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত শয্যাশায়ী হৈ আছে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক জগন্নাথ বায়ন ৷ সংগীত নাটক একাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ স্বাস্থ্যৰ বুজ ল’বলৈ শনিবাৰে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া ।

আজি মোডীৰ মন কি বাতৰ 81 সংখ্যক খণ্ড...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮১ তম খণ্ডত ভাষণ প্ৰদান কৰিব ৷ এয়া AIR আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কত আৰু AIR News ত সম্প্ৰচাৰ কৰা হ'ব ৷

বিশ্ব নদী দিৱস 2021

পৃথিৱীৰ 70 শতাংশ অঞ্চল পানীৰে আৱৰি থাকিলেও ইয়াৰ 1 শতাংশতকৈও কম পানী আমি নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিব পাৰো ৷ তেনেস্থলত দৈনিক ভয়াৱহ হাৰত বৃদ্ধি পোৱা জল প্ৰদূষণে জীৱৰ বাবে কেনেধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে, সেয়া নিশ্চিতভাৱে অনুমেয় ৷ গতিকে এটি বিশেষ দিনত আমাক এই প্ৰদূষণ ৰোধ কৰাৰ লগতে ইয়াৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ বাবেই প্ৰতিবছৰে ছেপ্তেম্বৰৰ চতুৰ্থটো দেওবাৰে উদযাপন কৰা হয় বিশ্ব নদী দিৱস ৷

ছয়গাঁৱত তিনিটা চোৰাং গৰুসহ আটক 2

তিনিটাকৈ চোৰাং গৰুসহ দুজনক আটক ছয়গাঁও আৰক্ষী(Chhaygaon Police)ৰ ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷

নগাঁও আৰক্ষী জালত দুটা তীৰখেলৰ এজেন্ট

ৰূপহীহাটত নিশা নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত আটক দুই তীৰ খেলৰ মাফিয়া ৷

ডিফুত APHLC ৰ সাত প্ৰতিবাদকাৰীক আটক

কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা চুক্তিখনৰ বিৰোধিতাৰে জিলাখনত বাহাল আছে উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া ডিফু চহৰত এপিএইচএলচি(APHLC)ৰ এক জোৰ সমদলক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.