Bajrang Dal activist killed: বজৰং দলৰ সদস্যৰ হত্যাক লৈ উত্তাল কৰিমগঞ্জ; লোৱাইৰপোৱাত 144 ধাৰা জাৰী

author img

By

Published : Jan 9, 2023, 7:11 PM IST

Bajrang Dal activist killed

কৰিমগঞ্জত বজৰং দলৰ সদস্যক চোকা অস্ত্ৰৰে হানি-খুচি হত্যা (Bajrang dal activist killed at Patharkandi) ৷ দেওবাৰে নিশা শম্ভূ কৈৰী নামৰ বজৰং দলৰ সদস্যগৰাকীক হত্যা কৰে দুৰ্বৃত্তই ৷ ইতিমধ্যেই ঘটনাক মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

কৰিমগঞ্জত বজৰং দলৰ সদস্যক হত্যা; মূল অভিযুক্তক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 9 জানুৱাৰী: কৰিমগঞ্জত বজৰং দলৰ সদস্যক হত্যা (Bajrang Dal activist killed in Karimganj) ৷ বজৰং দলৰ প্ৰশিক্ষণৰ পৰা উভতি অহাৰ সময়তে শম্ভূ কৈৰী (Bajrang Dal activist Sambhu koiri killed) নামৰ কিশোৰজনক দেওবাৰে খুকুৰিৰে হানি-খুচি হত্যা কৰা হয় ৷ ইতিমধ্যেই হত্যাকাৰী ছেলিম উদ্দিন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, হাইলাকান্দিত অনুষ্ঠিত হোৱা বজৰং দলৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ পৰা ঘৰলৈ উভতি আহিছিল মুধু কৈৰীৰ পুত্ৰ শম্ভূ কৈৰী ৷ সেই সময়তে কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে শম্ভূ কৈৰীক(Attacked by sharp weapon) ৷ ঘটনাৰ পিছতেই শম্ভূ কৈৰীক স্থানীয়লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়ললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উল্লেখ্য যে, কৰিমগঞ্জৰ বাজাৰিচৰা থানা এলেকাৰ লোৱাইৰপোৱাত সংঘটিত হয় এই ঘটনা (Bajrang Dal activist killed in Assam) ৷

এই হত্যাকাণ্ডৰ ঘটনাক লৈ কৰিমগঞ্জত দেওবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি(Bajrag Dal protest in Karimganj) ৷ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত নিশাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলৰ কৰ্মীয়ে ৷ উত্তেজিত বজৰং দলৰ কৰ্মীয়ে লোৱাইৰপোৱা বজাৰৰ 12 খনকৈ দোকান ভাঙি লণ্ড-ভণ্ড কৰে৷ অৱশ্যে এটা বৃহৎ আৰক্ষী দলৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ অনা হয় পৰিস্থিতি ৷

ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত তথা হত্যাকাৰী ছেলিম উদ্দিন নামৰ এজনক (Accused arrested by police) ৷ ইফালে, সোমবাৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ পৰা শম্ভূ কৈৰীৰ মৃতদেহ লৈ অহাৰ পিছতে পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ প্ৰায় শতাধিক বজৰং দলৰ কৰ্মী আৰু স্থানীয়লোকে ৰাজপথত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰিমগঞ্জলৈ ৰাওণা হয় দক্ষিণ অসমৰ ডি আই জি কংকনজ্যোতি শইকীয়া (DIG Kankan Jyoti Saikia) ৷ ইয়াৰ পিছতেই উত্তেজিত প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰি নিয়ন্ত্ৰণলৈ অনা হয় পৰিস্থতিতি ৷ ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জত বৰ্তমানেও বিৰাজ কৰিছে চেপা উত্তেজনাই ৷ বৰ্তমান লোৱাইৰপোৱাত 144 ধানা জাৰী কৰা হৈছে (144 imposed at Loairpua)

এই হত্যাকাণ্ড সম্পূৰ্ণ পৰিকল্পিত বুলি দাবী একাংশ স্থানীয়লোকৰ ৷ ইফালে, বৰ্তমানেও ঘটনাৰ তদন্ত চলি থকাৰ কথা উল্লেখ কৰিছে দক্ষিণ অসমৰ ডি আই জি কংকনজ্যোতি শইকীয়াই ৷ আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ ৷ উল্লেখ্য যে দশম শ্ৰেণীত অধ্যয়নৰত আছিল শম্ভূ কৈৰী ৷ ইফালে, সোমবাৰে সম্পন্ন কৰা হয় শম্ভূ কৈৰীৰ শেষকৃত্য ৷

লগতে পঢ়ক: Firozabad love jihad case: ফেচবুকত ভুৱা নাম ঠিকনাৰে বন্ধুত্ব গঢ়ি কিশোৰী ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.