উচ্ছেদিত ভূমিত পুনৰ নিৰ্মাণৰ বিৰুদ্ধে কৰিমগঞ্জৰ ইছাবিল চাহ বাগিচাত প্ৰতিবাদ

author img

By

Published : Sep 1, 2022, 5:40 PM IST

tea-labourers-stage-protest-against-encroachment-of-tea-garden-land-in-karimganj

কৰিমগঞ্জৰ ইছাবিল চাহ বাগিচাত পাথাৰকান্দি চক্ৰ বিষয়াৰ নেতৃত্বত বিগত মাহত চলিছিল বৃহৎ উচ্ছেদ অভিযান(Eviction drive in Isabheel tea garden) । এক্সেভেটৰ লগাই এটা দিনৰ ভিতৰতে ভাঙি পেলোৱা হৈছিল কেইবা শতাধিক বাসগৃহ, অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ কিন্তু ইয়াৰ পাছত পুনৰ উচ্ছেদিত ভূমিত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ অভিযোগ উঠিছে ৷

কৰিমগঞ্জ, 1 ছেপ্টেম্বৰ : কৰিমগঞ্জৰ পাথাৰকান্দিৰ ইছাবিল চাহ বাগিচাৰ উচ্ছেদিত মাটিত পুনৰ বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি । এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে আন্দোলনত নামিল বাগিচাৰ শ্ৰমিকসকল(Assam tea plantation workers protest) । উল্লেখ্য যে, বিগত মাহত কৰিমগঞ্জৰ ইছাবিল চাহ বাগিচাত পাথাৰকান্দি চক্ৰ বিষয়াৰ নেতৃত্বত চলিছিল এক বৃহৎ উচ্ছেদ অভিযান(Eviction drive in Isabheel tea garden) ।

উচ্ছেদিত ভূমিত পুনৰ নিৰ্মাণৰ বিৰুদ্ধে কৰিমগঞ্জৰ ইছাবিল চাহ বাগিছাত প্ৰতিবাদ

বাগিচাৰ মাটি দখল কৰি নিৰ্মাণ কৰা কেইবাশতাধিক বাসগৃহ, অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠান এক্সেভেটৰ লগাই এটা দিনৰ ভিতৰতে ভাঙি পেলোৱা হৈছিল । এই ঘটনাৰ পিছত বিষয়টো লৈ যথেষ্ট মত-বিৰোধ হৈছিল । আনকি বিৰোধী দলৰ ডাঙৰ ডাঙৰ নেতাসকলেও পাথাৰকান্দি সমষ্টিৰ কটামণি এলেকাত উপস্থিত হৈ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল ।

প্ৰশাসনে উচ্ছেদ চলাই উচ্ছেদিত ঠাইত চৰকাৰী জাননী আৰি দিছিল । সম্প্ৰতি উচ্ছেদিত মাটিত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ(Reconstruction work begins on uprooted land) কৰি বাগিচাৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে । সেইমৰ্মে ইছাবিল চাহ বাগিচাৰ মাটি আকৌ বেদখলমুক্ত কৰাৰ দাবীত গৰজি উঠিছে এইবাৰ বাগিচাৰ শ্ৰমিকসকল(Encroachment of tea garden land in Karimganj) । আনকি আন্দোলনৰ সময়ত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰিলে একাংশ বাগিচা শ্ৰমিকে ।

লগতে পঢ়ক: যোগীঘোপাৰ মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.