Scooty distribution in Karimganj : বদৰপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

author img

By

Published : Dec 12, 2022, 11:05 PM IST

Scooty distribution in Karimganj

কৰিমগঞ্জৰ বদৰপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান (Pragyan Bharati Scheme) ৷ মুঠ 862 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰদান কৰা হয় স্কুটী ৷

কৰিমগঞ্জ ,12 ডিচেম্বৰ : অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত সোমবাৰে কৰিমগঞ্জৰ বদৰপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Pragyan Bharati Scheme) ৷ অনুষ্ঠানটোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Legislative assembly speaker Biswajit Daimary) আৰু মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika in Karimganj) । ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী অভিযানৰ অধীনত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ মহাবিদ্যালয় প্ৰাংগণত ৷

সোমবাৰে এই বঁটা প্ৰদান অনুষ্ঠান জিলাখনত কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰা হয় ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীলৈ প্ৰতি বছৰে ৰাজ্য চৰকাৰে প্ৰদান কৰি আহিছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Scooty distribution in Karimganj) ।

কৰিমগঞ্জ জিলাত ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৭১৯ গৰাকী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিশন ৰঞ্জন দাস, পাথাৰকান্দি আৰু ৰাতাবাড়িৰ বিধায়ক ক্ৰমে কৃষ্ণেন্দু পাল আৰু বিজয় পাল উপস্থিত থাকে ।

উল্লেখ্য যে, বদৰপুৰৰ এই অনুষ্ঠান সামৰি মন্ত্ৰী আৰু অধ্যক্ষগৰাকীয়ে হাইলাকান্দিলৈ যাত্ৰা কৰে ৷ হাইলাকান্দিৰ এটি অনুষ্ঠানত 1100 উগ্ৰপন্থীয়ে আত্মসমৰ্পন কৰিব আৰু উক্ত অনুষ্ঠানটোত মন্ত্ৰী আৰু অধ্যক্ষগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে ৷ বৰাকত বহু বছৰ ধৰি উগ্ৰপন্থী কাৰ্যকলাপ চলাই যোৱা United Liberation front আৰু Brue Liberation Army ৰ সদস্য কেইগৰাকীৰ আত্মসমৰ্পনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সন্মানীয় অতিথি হিচাপে জনসংযোগ মন্ত্ৰী তথা কৰিমগঞ্জৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহু লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Vehicle catches fire in Nalbari : ৰৈ থকা অৱস্থাতে বৰভাগত হঠাৎ জ্বলি উঠিল ইণ্ডিগ’ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.