লংগাই নৈৰ খহনীয়াৰ তাণ্ডৱত চিন্তিত নৈপৰীয়া

author img

By

Published : Aug 26, 2021, 8:22 PM IST

river errison at longai river in karimganj

কৰিমগঞ্জৰ পয়লামুলী অঞ্চলত লংগাই নৈৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ ৷ বিগত 10 বছৰ ধৰি নিৰ্মাণ হোৱা নাই লংগাই নৈ মথাউৰি ৷ উপায়ন্তৰ হৈ বুধবাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কৰিমগঞ্জৰ পয়লামুলী অঞ্চলৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

কৰিমগঞ্জ, 26 আগষ্ট : এফালে বাৰিষা, আনফালে বানৰ তাণ্ডৱ ৷ ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰাখহনীয়াৰ ধ্বংসলীলা ৷ বেকী নদীৰ সমান্তৰালকৈ লংগাই নৈয়েও চলাইছে ধ্বংস যজ্ঞ ৷

লংগাই নৈয়ে এতিয়া নিদ্ৰাহৰণ কৰিছে শতাধিক ৰাইজৰ ৷ ইতিমধ্যে নৈৰ বকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ প্ৰাণৰ মমতাত কৰিমগঞ্জৰ পয়লামুলী অঞ্চলৰ বহু পৰিয়ালে নিজৰ আপোন ঘৰখন এৰি অন্য স্থানলৈ যাবলৈ বাধ্য হৈছে ৷

চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু বিগত প্ৰায় দহ বছৰ এই সমস্যাহে সমাধান নহ’ল ৷ পয়লামুলীবাসীৰ সমস্যা, সমস্যায়ে হৈ ৰ’ল ৷ এই সমস্যা সমাধান কৰাৰ হকে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে পথাৰকান্দীৰ বিধায়ক কৃষ্ঞেণ্ডু পালৰ বিৰুদ্ধে ৷

কেৱল বিধায়ক গৰাকীয়েই নহয়, এই সমস্যা সমাধান কৰাৰ বাবে কোনো ব্যৱস্থা কৰা নাই চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷ এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি বুধবাৰে অঞ্চলটোৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ইতিমধ্যে PMGSY ৰ এটা পথৰ পঞ্চাশ শতাংশ জাহ গৈছে লংগাই নৈত ৷ কিন্তু বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰাৰ পাচতো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰ কিম্বা জল সম্পদ বিভাগৰ বিৰুদ্ধে ৷

আনহাতে, কেৱল পয়লামুলীয়ে নহয়, কৰিমগঞ্জ জিলাৰ ভিতৰত বিশেষকৈ লাংগাই নৈৰ মথাউৰিৰ বিভিন্ন স্থানত মথাউৰিৰ সংকটজনক অৱস্থাই নৈপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । এই স্থানত জল সম্পদ বিভাগে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে 10 ৰ পৰা 15 খন গাঁৱৰ লোক ভয়ংকৰ বিপদৰ সম্মুখীন হ’ব পাৰে ৷ সেয়ে এই সমস্যা অতি শীৰ্ঘ্ৰে সমাধান কৰাৰ বাবে কৰিমগঞ্জৰ পয়লামুলী অঞ্চলৰ ৰাইজে চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক: বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.