অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত কৰিমগঞ্জত প্ৰতিবাদ

author img

By

Published : Sep 30, 2021, 6:37 PM IST

protest-in-karimganj-demanding-re-conduct-of-assam-police-recruitment-examination

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি নাশ কৰাৰ বাবে কঠোৰৰ পৰা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ মাজতে একাংশ চৰকাৰী কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে দুৰ্নীতি ৷ এইবাৰ আৰক্ষীত নিজ সন্তানক নিযুক্তি দিয়াৰ বাবে যোগ্যক বঞ্চিত কৰি বক্ৰ পথ ল’লে তিনি আৰক্ষী বিষয়াই ৷

কৰিমগঞ্জ, 30 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ কনিষ্টবল নিয়োগ প্ৰক্ৰিয়াৰ শাৰীৰিক পৰীক্ষাত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত 3 জনকৈ আৰক্ষী আৰু তিনিগৰাকী পৰীক্ষাৰ্থী আটক হোৱা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নিযুক্তি প্ৰক্ৰিয়াত কোনোধৰণৰ কেলেংকাৰী হ'ব নোৱাৰাকৈ কটকটীয়া ব্যৱস্থা কৰা হৈছে বুলি সততে মন্তব্য কৰি অহাৰ মাজতে কৰিমগঞ্জত নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে কেলেংকাৰী ৷

এই ঘটনাই অসম পুলিচত নিযুক্তি লাভ কৰিবৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থী সকলৰ মাজত প্ৰচণ্ড ক্ষোভ সৃষ্টি কৰিছে ৷ যাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন স্থানৰ অনুত্তীৰ্ণ হোৱা যুৱক যুৱতী সকলে পুনৰ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে এই সন্দৰ্ভত জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী লৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে ৷ সমগ্ৰ বিষয়টোত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ

উল্লেখ্য যে, কৰিমগঞ্জত অনুষ্ঠিত হোৱা নিয়োগ প্ৰক্ৰিয়াত পূৰ্বেও বহু বেমেজালি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কিন্তু প্ৰমাণৰ অভাৱত তেওঁ লোক অভিযোগ কৰিব পৰা নাছিল ৷

কিন্তু বৰ্তমান যিহেতু সমগ্ৰ ঘটনা পোহৰলৈ আহিছে তথা সমগ্ৰ বিষয়টোত আৰক্ষীৰ লোক জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে গতিকে এই নিয়োগ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ দাবী উত্থাপন কৰিছে অসম আৰক্ষীত নিযুক্তি প্ৰত্যাশী সকলে ৷ সমগ্ৰ বিষয়টোত মুখ্য়মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.