Assam police opens fire: কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা

author img

By

Published : Dec 28, 2022, 10:43 PM IST

Assam police opens fire

কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা ৷ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ কাটি ভাৰতৰ ভূখণ্ডৰ পৰা গৰু চোৰ কৰিবলৈ অহা চাৰিজনীয়া দলক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা । নিশা আন্ধাৰৰ সুযোগ লৈ বাংলাদেশী দুষ্কৃতিকাৰীয়ে অবৈধভাৱে ভাৰত ভূমিত প্ৰৱেশ কৰি ওচৰৰ গাঁৱৰ মানুহৰ ঘৰৰ পৰা গৰু চুৰি কৰি নিয়ে গৰু(Karimganj police open fire on cattle smugglers) ৷

কৰিমগঞ্জত নিশা আৰক্ষী গুলীচালনা

কৰিমগঞ্জ, 28 ডিচেম্বৰ : ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত মঙলবাৰে নিশা সংঘটিত হয় গুলিচালনাৰ ঘটনা ৷ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ কাটি ভাৰতৰ ভূখণ্ডৰ পৰা গৰু চোৰ কৰিবলৈ অহা চাৰিজনীয়া এটা দলক লক্ষ্য কৰি অসম আৰক্ষীয়ে কেইবা ৰাউণ্ড গুলীচালনা কৰে(India-Bangladesh border) । কৰিমগঞ্জ জিলাৰ নীলাম বজাৰ আৰক্ষী থানা এলেকাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১ কিলোমিটাৰ নিলগত বলিয়াবস্তিত সংঘটিত হয় এই ঘটনা ।

উল্লেখ্য যে, বিগত কেইদিনমান ধৰি এই অঞ্চলত বাংলাদেশী দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ওচৰৰ গাঁৱৰ মানুহৰ ঘৰৰ পৰা গৰু চুৰি কৰি নিয়াৰ তথ্য আৰক্ষীৰ হাতত পৰিছিল(Cattle smuggler in karimganj) । ইয়াৰ পাছতেই সমগ্ৰ বিষয়টো লৈ সষ্টম হৈ পৰিছিল আৰক্ষী ৷ কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ পদক্ষেপ হাতত লৈছিল ।

বুধবাৰে পুৱতি নিশা কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ পৰা চাৰিজনীয়া এটা সদস্যৰ দলে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি গৰু চুৰিৰ পৰিকল্পনা কৰাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰে । সেই অনুসৰি কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দল গভীৰ নিশা ঘটনাস্থলীত গৈ উপস্থিত হয় । বাংলাদেশী দুষ্কৃতিকাৰীয়ে ভাৰতৰ সীমান্তৰ পৰা গৰু চুৰি কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ কয় ৷

কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গৰু চোৰৰ দলটোৱে পলায়নৰ চেষ্টা কৰে ৷ কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে উপায়ন্ত হৈ গৰু চোৰৰ দলটোক বাধা প্ৰদান কৰিবলৈ গুলিচালনা কৰিবলৈ বাধ্য় হয়(Karimganj police open fire on cattle smugglers) ৷ আৰক্ষীয়ে গৰু চোৰৰ দলটোলৈ লক্ষ্য কৰি কেইবা ৰাউণ্ড গুলিচালনা কৰে ৷ অৱশ্যে এই গুলিচালনা এতিয়ালৈকে কোনো হতাহত হোৱাৰ তথ্য জানিবলৈ পৰা হোৱা নাই ৷

গৰু চোৰৰ দলটোৱে নিশাৰ অন্ধকাৰ আৰু ঘন হাবিৰ সুযোগ লৈ আকস্মিকভাৱে পলায়ন কৰিবলৈ সক্ষম হয় । অৱশ্যে আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটা গৰু, এখন চোকা দা, বাংলাদেশীৰ চেণ্ডেল, ৰচী আৰু অলপ খোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই তিনিদিন পূৰ্বেও এনে এক অভিযান চলোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ অনাগত দিনতো এনে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Cattle smuggling not ended: ধুবুৰীত সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰিলে 11 টা গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.