সশস্ত্ৰে ডকাইতি কৰিবলৈ আহি চিকিৎসালয়ৰ বিচনাত ডকাইত

author img

By

Published : Aug 31, 2021, 10:07 PM IST

people arrest three robbers in Badarpur

ৰাইজৰ জালত পৰিল তিনিটাকৈ দুধৰ্ষ ডকাইত । বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কনকলস গাঁৱত মাৰণাস্ত্ৰ সহ তিনি ডকাইতক আটক কৰে ৰাইজে ৷

কৰিমগঞ্জ, 31 আগষ্ট : কৰিমগঞ্জ জিলাৰ বদৰপুৰত ৰাইজৰ জালত পৰিল তিনিটাকৈ দুধৰ্ষ ডকাইত । ৰাইজে আটক কৰা তিনি ডকাইত ক্ৰমে নাজিম উদ্দিন, ছায়নুল আহমেদ আৰু ছাহজাহান হুছেইন ।

জানিব পৰা মতে, বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কনকলস গাঁৱত মাৰণাস্ত্ৰ সহ তিনি ডকাইতক আটক কৰে ৰাইজে ৷ কনকলস গাঁৱত ডকাইতি কৰিবলৈ আহিছিল আটকাধীন ডকাইত কেইটাই ৷ ডকাইত তিনিটাক আটক কৰা পাচতে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক: সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

আনকি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীও যথেষ্ট সমস্যাৰ সম্মুখিন হ'বলগীয়া হৈছিল । ৰাইজৰ প্ৰহাৰত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয় ডকাইত তিনিটা । ইয়াৰে নাজিম উদ্দিনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত নিশাই শ্ৰী গৌৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

স্থানীয় ৰাইজে ডকাইত তিনিটাক প্ৰত্যক্ষ কৰি খেদি খেদি কৰায়ত্ব কৰাৰ চেষ্টা চলোৱাৰ সময়ত ডকাইতৰ দলটোৱে ওলোটা আক্ৰমণৰ চেষ্টা চলাইছিল । বৰ্তমান ৰাইজে কৰায়ত্ব কৰা আটাইকেইজন ডকাইত বদৰপুৰ আৰক্ষী জিম্মাত আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, উক্ত ঘটনাক কেন্দ্ৰ কৰি কনকলস গাঁৱত বৰ্তমানেও উত্তেজনা অব্যাহত আছে ৷

লগতে পঢ়ক: বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.