এইবাৰ চিলিণ্ডাৰৰ ভিতৰত ওলাল হেৰ’ইন

author img

By

Published : Sep 19, 2022, 7:23 AM IST

Large quantity of Heroin seized in Karimganj

পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দ গাঁৱত আৰক্ষীৰ অভিযান ৷ অভিযানত চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল প্ৰায় 4.5 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷ ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল দেখি হতবাক আৰক্ষী ।

কৰিমগঞ্জ, 19 ছেপ্টেম্বৰ : অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সদা সস্তম অসম আৰক্ষী (Anti drugs campaign of Assam Police) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীব জব্দ কৰাৰ লগতে বহু অপৰাধীকো আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷

কিন্তু ইমানৰ পাচতো গাত কথা লগা নাই একাংশ দুষ্ট মনোবৃত্তিৰ লোকৰ ৷ আনকি বহু অপৰাধীয়ে ন ন কৌশল অৱলম্বন কৰি ৰাজ্যত অব্যাহত ৰাখিছে ড্ৰাগছ তথা অন্য সামগ্ৰীৰ সৰবৰাহ ৷ অসম আৰক্ষীৰ এই অভিযানৰ মাজতে কৰিমগঞ্জত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহৰ আন এক নতুন কৌশল ।

এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল প্ৰায় 4.5 কোটি টকাৰ হেৰ’ইন ।

ঘটনাৰ বিৱৰণি অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দ গাঁৱত আৰক্ষীয়ে চলায় অভিযান ৷ এই অভিযানত আৰক্ষীয়ে কাবাৰিবন্দ গাঁৱৰ জামিল উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় (Large quantity of Heroin seized in Karimganj)৷

Large quantity of Heroin seized in Karimganj
কৌটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনি ঘৰৰ চোতালত থোৱা এটা চিলিণ্ডাৰৰ ভিতৰত 49 টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত আছিল (Heroin seized from LPG cylinder) । উক্ত বাকচকেইটাত আছিল 690 গ্ৰাম সন্দেহজনক নিচাজাতীয় সামগ্ৰী । ইফালে আৰক্ষী অহাৰ উমান উক্ত স্থানৰ পৰা পলায়ন কৰে জামিল আহমেদ নামৰ এজন অভিযুক্ত ।

আনহাতে, আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দেওবাৰে জব্দকৃত নিচাজাতীয় সামগ্ৰী আন এটা চক্ৰৰ হাতৰ পৰা ডকাইতি হৈছিল । সেই ডকাইতি হোৱা নিচাজাতীয় সামগ্ৰীখিনি কাবাৰিবন্দ গাঁৱৰ জামিল উদ্দিনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৷

ইফালে এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে নাজিম উদ্দিনসহ এজন গাড়ীৰ চালকক ৷ উল্লেখ্য যে, আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : কলিয়াবৰত পৰিত্যক্ত বাহনৰ পৰা জব্দ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.