কৰিমগঞ্জত সংঘটিত বিয়াগোম ভূমি কেলেংকাৰী

author img

By

Published : Oct 3, 2021, 9:05 PM IST

land-scam-in-karimganj

এক বিয়াগোম ভূমি কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে কৰিমগঞ্জ জিলাত ৷ ৩৩০ বিঘা চৰকাৰী ভূমিৰ মালিক হ’ল নিলামবজাৰ অঞ্চলৰ ভূ-মাফিয়া আবুল হুছেইন ।

কৰিমগঞ্জ, 3 অক্টোবৰ : পোহৰলৈ আহিল কৰিমগঞ্জ জিলাৰ এটা বিয়াগোম ভূমি কেলেংকাৰিৰ তথ্য । অভিযোগ অনুসৰি, ২১ খনকৈ দলিল বনাই ৩৩০ বিঘা চৰকাৰি ভূমিৰ মালিক হ’ল নিলামবজাৰ অঞ্চলৰ ভূ-মাফিয়া আবুল হুছেইন । দক্ষিণ কৰিমগঞ্জৰ আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি নিছাৰ আলীয়ে ফাদিল কৰিলে কেনেকৈ আবুল হুছেইনে চৰকাৰী ভূমি নিজৰ নামত কৰি দলিল প্ৰস্তুত কৰিছিল ।

কৰিমগঞ্জত সংঘটিত বিয়াগোম ভূমি কেলেংকাৰী

সংবাদমেল পাতি নিছাৰ আলীয়ে সকলো কাগজ পত্ৰ সাংবাদমাধ্যমৰ আগত প্ৰস্তুত কৰে । তেওঁ অভিযোগ কৰি কয় যে, ব্ৰাহ্মণ শাসন, কৃষ্ণ-নগৰ, সুপ্ৰাকান্দি এই তিনিখন পঞ্চায়তৰ ভূমি আছে মেদাবিল নামৰ বিলখনত । বিলখনৰ মালিক আছিল সুনীল কুমাৰ দে’ পুৰকায়স্থ আৰু ননীগোপাল দে’ পুৰকায়স্থৰ লগতে ১৭ জনকৈ লোকৰ মালিকানা আছিল ৩৩০ বিঘা জমিত অৰ্থাৎ মেদা বিলত ।

১৯৯৪ চনৰ ১০ মাৰ্চত চৰকাৰে জমিদাৰি প্ৰথা বাতিল কৰি এই ভূমিৰ মালিকানা বাতিল কৰে । যিহেতু, ৩৩০ বিঘা ভূমিৰ অধিকাংশই বিল ফলত এই ভূমি চৰকাৰী বিভাগলৈ হস্তান্তৰ কৰ হয় ।

তাৰ পিছত ফিছাৰী বিভাগে এই বিল লিজত দি অৰ্থ আহৰণ কৰি আছিল । অথচ ২০১৪ চনত কিবা এটা গোচৰৰ যোগেদি চৰকাৰি ভূমিৰ ২১ খন কৈ দলিল বনাই নিলামবজাৰ অঞ্চলৰ ভূ-মাফিয়া আবুল হুছেইন ওৰফে হাবুল হাজি চৰকাৰী ভূমিৰ মালিক হৈ পৰে । অভিযোগ মতে এই চৰকাৰী ভূমি ব্যক্তিগতকৰণত জড়িত আছে চৰকাৰী বিষয়াও । পিছে শেহতীয়াকৈ মাটিৰ দালালি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লোৱাৰ পিছত ভূ-মাফিয়া আবুল হাজিয়ে সম্প্ৰতি আত্মগোপন কৰিছে ।

লগতে পঢ়ক : কাকপথাৰৰ সেনা শিবিৰত স্বৰ্নিম বিজয় বৰ্ষ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.