পত্নী ৰাজিয়াক কিয় গুলীয়ালে স্বামী চাফিকুৰে ?

author img

By

Published : Oct 16, 2021, 8:06 PM IST

husband-shoots-his-wife-in-karimganj

পুনৰ ৰাজ্যত নাৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি হ’ল বিজয়া দশমীৰ দিনটোতে ৷ নিজ পত্নীক উদ্দেশ্য কৰি গুলীচালনা কৰিলে স্বামীয়ে ৷

কৰিমগঞ্জ, 16 অক্টোবৰ : বিজয়া দশমীৰ দিনটোতে পুনৰ ৰাজ্যত নাৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰা এক অমানৱীয় ঘটনা সংঘটিত হয় ৷ এই ঘটনা সংঘটিত হয় এইখন অসমৰে কৰিমগঞ্জ জিলাৰ নিলামবাজাৰ আৰক্ষী থানাৰ অধীনৰ কালাছড়া গাঁৱত ৷ বিজয়া দশমীক লৈ আৰক্ষী তথা ৰাইজ ব্যস্ত হৈ থকাৰ সময়তে এগৰাকী স্বামীয়ে নিজ পত্নীক গুলীওৱাৰ ঘটনা সংঘটিত হয় ৷

পত্নী ৰাজিয়াক কিয় গুলীয়ালে স্বামী চাফিকুৰে ?

অভিযোগ অনুসৰি, কালাছড়াৰ চাফিকুৰ ৰহমান নামৰ লোকজনে নিশা অতৰ্কিতে নিজ পত্নী ৰাজিয়া বেগমক উদ্দেশ্য কৰি গুলীচালনা কৰে ৷ মুঠ দুই ২ জাঁই গুলি চলাই কৰা এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পত্নী ৰাজিয়া বেগম । ইয়াৰ পিছতে পৰিয়ালৰ আন সদস্যসকলে তাৎক্ষণিকভাৱে নিলামবাজাৰ আৰক্ষীক বিষয়টো খবৰ দিয়ে ৷ ইয়াৰ লগতে গুৰুতৰভাৱে আহত অৱস্থাত ৰেজিয়া বেগমক নিলামবাজাৰ হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে ।

ইয়াৰ পিছতে মহিলা গৰাকীক তাৎক্ষণিকভাৱে কৰিমগঞ্জ চৰকাৰী হাস্পাতালত প্ৰেৰণ কৰা হয় । একে সময়তে, ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ অৱশ্যে, এই ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই তথ্য ৷ আৰক্ষীৰ তদন্তৰ পিছত পৰৱৰ্তী সময়ত ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ৰায়পুৰ ৰে'ল ষ্টেচনৰ বিস্ফোৰণত আহত ৪ গৰাকী CRPF জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.