বদৰপুৰত কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ

author img

By

Published : Sep 27, 2022, 7:41 PM IST

Huge amount of drugs seized in Badarpur

বদৰপুৰৰ লামাজুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ১ কোটি টকাৰ ব্ৰাউন ছুগাৰ জব্দ(Brown sugar seized in Badarpur)। ঘটনা সন্দৰ্ভত দুজনক আটক ৷

কৰিমগঞ্জ, 27 ছেপ্টেম্বৰ : ড্ৰাগছ বিৰোধী অভিযানত বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা (Huge amount of drugs seized in Badarpur)। প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ বদৰপুৰৰ লামাজুৱাৰত ৷ গোপন সূত্ৰৰ ভিত্তিত বদৰপুৰ আৰক্ষী আৰু BSFৰ দলে অভিযান চলায় জব্দ কৰে প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ (Brown sugar seized in Badarpur)।

কৰিমগঞ্জৰ পৰা বদৰপুৰলৈ লৈ গৈ থকাৰ সময়তে বদৰপুৰৰ লামাজুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু BSF ৰ চোৰাংচোৱা বিভাগে অভিযান চলায় জব্দ কৰে ড্ৰাগছখিনি ৷ AS 11 J 5106 নম্বৰৰ FZ বাইকখনেৰে লৈ গৈ থকাৰ সময়তে আৰক্ষীৰ অভিযানত জব্দ হয় ড্ৰাগছখিনি ৷ লগতে দুটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

আটকাধীন দুজন পথাৰকান্দিৰ বাঠিয়া গাঁৱৰ ৰশিদ আহমেদ আৰু দক্ষিণ কৰিমগঞ্জৰ সিংগাৰিয়াৰ নিজামউদ্দিন । দুই সৰবৰাহকাৰীক বৰ্তমান বদৰপুৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে । বদৰপুৰ আৰক্ষীয়ে দুই সৰবৰাহকাৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সোধ-পোচ অব্যাহত ৰাখিছে । অভিযানকালত আৰক্ষীয়ে প্ৰায় ১৫৭ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ।

লগতে পঢ়ক: বৰমাত হাতেৰে স্পৰ্শ কৰিব পৰাকৈ ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰ : শংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.