প্ৰধানমন্ত্ৰী আবাস গৃহৰ বাবে পঞ্চায়ত প্ৰতিনিধিক দিব লাগে ধন

author img

By

Published : Sep 8, 2021, 7:32 PM IST

corruption in construction of PMAYs housing

প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ কৰিমগঞ্জ জিলাৰ দত্তপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীক প্ৰধানমন্ত্ৰী আবাস গৃহৰ বাবে হিতাধিকাৰীয়ে দিব লাগে 15 পৰা 20 হাজাৰ টকা ৷

কৰিমগঞ্জ, 8 ছেপ্টেম্বৰ : কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত আবাস গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ এই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ব্লকৰ অন্তৰ্গত দত্তপুৰ গাঁও পঞ্চায়তত ৷ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তালিকাত অন্তৰ্ভুক্ত হিতাধিকাৰীয়ে আবাস গৃহ লাভ কৰিবলৈ হ'লে পঞ্চায়ত প্ৰতিনিধিক দি লাগে 15 পৰা 20 হাজাৰ টকা ৷

প্ৰধানমন্ত্ৰী আবাস গৃহৰ নামৰ পঞ্চায়ত প্ৰতিনিধিক দিব লাগে 15/20 হাজাৰ টকা

একাংশ বিভাগীৰ বিষয়াক মেনেজ কৰি এই ভয়ংকৰ অনিয়ম সংঘটিত কৰিছে দত্তপুৰ গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে ৷ সাংবাদিকৰ আগত স্থানীয় সচেতন লোকে সদৰি কৰা মতে, সামীৰণ মহালি নামৰ এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ঘৰ দিয়া নামত পঞ্চায়ত সভানেত্ৰী ঝুমা বেগমে 20 হাজাৰ টকা দাবী কৰিছিল ৷ এই টকা নিদিয়াত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তালিকাত পৰা নাম কৰ্তন কৰি দিয়া হয় মহিলাগৰাকীৰ ৷

লগতে পঢ়ক:পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

স্থানীয় এগৰাকী লোকে RTI যোগেদি মহিলা গৰাকীৰ নাম কৰ্তনৰ বিষয়টো জানিবলৈ বিচৰাত বিস্ফোৰক তথ্য পোহৰলৈ আহে ৷ জানিব পৰা মতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তালিকাত পৰা মহিলাৰ গৰাকীৰ নাম কৰ্তন কৰাৰ কাৰণটো হৈছে তেওঁৰ পকী ঘৰ আছে ৷ কিন্তু স্থানীয় লোকে সদৰি কৰা মতে এখন চালি সদৃৰ্শ সাধাৰণ এটা জৰাজীৰ্ণ গৃহত বাস কৰে বিধৱা মহিলা গৰাকীয়ে ৷

উপায়হীন হৈ মহিলাগৰাকীয়ে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে বদৰপুৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে ৷ উল্লেখ্য যে, কেৱল এই গৰাকী মহিলাই নহয় পঞ্চায়তৰ কেইবাগৰাকীও হিতাধিকাৰীৰ ক্ষেত্ৰত এনেধৰণৰ অনিয়ম সংঘটিত কৰিছে পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে ৷ পঞ্চায়ত সভানেত্ৰী গৰাকীৰ অসৎ কাৰ্যৰ বাবে চৰকাৰী সুবিধাৰ পৰা কেইবাটাও দৰিদ্ৰ পৰিয়াল বঞ্চিত হৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: ৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে দেশৰ পঞ্চম স্থানত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.