কৰিমগঞ্জত মহাষষ্ঠী উদযাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Oct 1, 2022, 7:49 PM IST

Updated : Oct 1, 2022, 10:04 PM IST

cm-celebrates-mahashashti-in-karimganj

মহাষষ্ঠীৰ এই পবিত্ৰ ক্ষণত কৰিমগঞ্জত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Karimganj) ৷ শনিবাৰে পুৱাৰ 11.40 বজাত হেলিকপ্টাৰযোগে কৰিমগঞ্জত অৱতৰণ কৰিয়েই কালিবাড়ি চহৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (CM celebrates Mahashashti in Karimganj)৷

কৰিমগঞ্জ, 1 অক্টোবৰ: আজি মহাষষ্ঠী (Mahasasthi celebrates in Assam) ৷ ৰাজ্যজুৰি মা দুৰ্গাক আদৰিবলৈ উখল মাখল পৰিৱেশ ৷ মহাষষ্ঠীৰ এই পবিত্ৰ ক্ষণত কৰিমগঞ্জত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Karimganj) ৷ শনিবাৰে পুৱাৰ 11.40 বজাত হেলিকপ্টাৰযোগে কৰিমগঞ্জত অৱতৰণ কৰিয়েই কালিবাড়ি চহৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (CM celebrates Mahashashti in Karimganj)৷

কৰিমগঞ্জৰ ৰামকৃষ্ণ মিচনৰ পূজাথলী পৰিদৰ্শন কৰি চহৰৰ বিভিন্ন পূজা পেণ্ডেল পৰিদৰ্শনৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিছতে দুপৰীয়া ২ টা বজাত বিধায়ক কৃষ্ণেন্দু পালৰ (MLA Krishnendu Paul ) বাসগৃহত পূজাত প্ৰসাদ গ্ৰহণ কৰি সাংবাদিকসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

কৰিমগঞ্জত মহাষষ্ঠী উদযাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ কয় যে কৰিমগঞ্জলৈ মোৰ অহা হোৱা নাছিলে ৷ আজি একেবাৰে ননপলিটিকেল, মই পূজাৰ বাবেহে আহিছো ৷ ইয়াৰ লোকসকলৰ সৈতে লগ পাই মই যথেষ্ট আনন্দিত ৷ মই পুনৰ কৰিমগঞ্জলৈ আহিম, সকলো সমস্যাৰ শুনিম, কৰিমগঞ্জৰ সকলো সমস্যা সমাধানৰ কৰাৰ চেষ্টা কৰাৰ প্ৰয়াসেৰে আকৌ আহিম ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত শিলচৰত হ’বলগীয়া কেবিনেট মিটিঙৰ কথাও সাংবাদিকৰ আগত সদৰী কৰে ৷ জিলাখনৰ বিভিন্ন পূজা মণ্ডপো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

Last Updated :Oct 1, 2022, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.