বদৰপুৰ আৰক্ষীৰ গুলীত নিহত মাৰণাস্ত্ৰ সৰবৰাহকাৰী

author img

By

Published : Aug 24, 2021, 1:04 PM IST

Badarpur police encounter a arms pedlar in karimganj

ৰাজ্যত আকৌ সংঘটিত হৈছে গুলীয়াগুলিৰ ঘটনা ৷ এইবাৰ এনকাউণ্টাৰৰ স্থান কৰিমগঞ্জৰ বদৰপুৰ ৷ বদৰপুৰ আৰক্ষীৰ গুলীত নিহত হৈছে পাথাৰকান্দিৰ 31 বছৰীয়া নুৰুল ইছলাম ৷ নুৰুল ইছলাম হৈছে মাৰণাস্ত্ৰ সৰবৰাহকাৰী ৷

কৰিমগঞ্জ, 24 আগষ্ট : সোমবাৰে বদৰপুৰ আৰক্ষীৰ গুলীত নিহত হয় মাৰণাস্ত্ৰ সৰবৰাহকাৰী ৷ আৰক্ষীৰ গুলীত নিহত হোৱা ব্যক্তিজনৰ নাম হৈছে নুৰুল ইছলাম ৷ জানিব পৰা মতে, 31 বছৰীয়া নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ৷

বদৰপুৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, সোমবাৰে বদৰপুৰত বিএছএফ(BSF) আৰু বদৰপুৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছিল দুজন যুৱক । দুই যুৱকৰ পৰা উদ্ধাৰ হৈছিল এটা পেন পিষ্টল আৰু চাৰিটা ফেক্টৰীত নিৰ্মিত পিষ্টল । নিশাৰ ভাগত তদন্তৰ খাতিৰত আৰক্ষীয়ে দুই যুৱকক লৈ যোৱা অৱস্থাতে পলায়নৰ চেষ্টা কৰে আটকাধীন দুই যুৱকে ৷

Badarpur police encounter a arms pedlar in karimganj
বদৰপুৰ আৰক্ষীৰ গুলীত নিহত নুৰুল ইছলাম

তাৰ পাচতে আৰক্ষী আৰু দুই যুৱকৰ মাজত সৃষ্টি হয় সংঘাত ৷ উপায়ন্তৰ হৈ বদৰপুৰ আৰক্ষীয়ে দুই যুৱকলৈ উদ্দেশ্যি কৰে গুলীচালনা ৷ আৰক্ষীৰ গুলীত নিহত হয় নুৰুল ইছলাম নামৰ আটকাধীন এজন ৷ বদৰপুৰ নিৰালা গাঁৱৰ এখন পথাৰত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা ৷ এই ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বদৰপুৰ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Kokrajhar Encounter : ঘটনাৰ সবিশেষ বৰ্ণনা কৰিলে আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.