অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত পুনৰ বিসংগতি : বিধায়ক কমলাক্ষৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 29, 2021, 7:52 PM IST

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত পুনৰ বিসংগতি

ৰাজ্যত পুনৰ আৰক্ষী কনিষ্ঠবল নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হৈছে কেলেংকাৰী ৷ বক্ৰপথৰে নিজ সন্তানক শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ কৰোৱাই আৰক্ষীৰ জালত পৰিছে ক্ষুদ আৰক্ষী বিষয়া ৷

কৰিমগঞ্জ, 29 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই ৷ ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত কোনোধৰণৰ দুৰ্নীতি বা বিসংগতি নকৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখোৱাই একাংশই চলাই গৈছে দুৰ্নীতি কৰি গৈছে অনিয়ম আৰু বিসংগতি ৷ তেনে এক ঘটনাই পোহৰলৈ আহিছে পুনৰ অসম আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়াত ৷

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত পুনৰ বিসংগতি

এইবাৰ ঘটনাৰ স্থান কৰিমগঞ্জ ৷ আৰক্ষীৰ কনিষ্ঠবল পদৰ শাৰীৰিক পৰীক্ষাত সংঘটিত বিংসগতিৰবাবেই পোহৰলৈ আহিছে কৰিমগঞ্জৰ নাম ৷ সম্প্ৰতি এই ঘটনাৰ সৈতে চৰকাৰী অথবা কোনো প্ৰভাৱশালী লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷

উল্লেখযোগ্য যে, নিজ সন্তানকে আৰক্ষী কনিষ্ঠবলৰ শাৰীৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাত বক্ৰ পথৰে উৰ্ত্তীণ কৰাইছিল আৰক্ষী বিষয়াই ৷ তাৰপাছতে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সমগ্ৰ ঘটনাটোৰ বিষয়ে অনুসন্ধান চলাই যথেষ্ট পৰিমাণৰ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই ক্ষেত্ৰত বিশেষ ভাৱে লাভ কৰা প্ৰমাণ হৈছে চিচিটিভি কেমেৰাত বন্দী হৈ ৰোৱা দৃশ্য ৷

সম্প্ৰতি এই ঘটনাৰ সৈতে জড়িত 7 জনকৈ লোকক সোমবাৰে আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে ৷ জানিবপৰা মতে, চলিত মাহৰ পাঁচ ছেপ্তেম্বৰত কৰিমগঞ্জৰ চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল আৰক্ষী কনিষ্ঠবলৰ শাৰীৰিক পৰীক্ষা ৷

লগতে পঢ়কঃ বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.