উত্তৰ প্ৰদেশত আবদ্ধ অসম আৰু ত্ৰিপুৰাৰ তীৰ্থযাত্ৰীৰ দল

author img

By

Published : Apr 26, 2020, 11:54 AM IST

Assam and Tripura pilgrims locked at UP due to Lock Down

উত্তৰ প্ৰদেশত আবদ্ধ অসম আৰু ত্ৰিপুৰাৰ তীৰ্থযাত্ৰীৰ দল ৷ দলটোত আছে কাছাৰ জিলাৰ 17 জন,কৰিমগঞ্জ জিলাৰ 16 জন আৰু ত্ৰিপুৰাৰ 27 জনকৈ তীৰ্থ যাত্ৰী ।

কৰিমগঞ্জ,26 এপ্ৰিলঃ লক ডাউনৰ বাবে উত্তৰ প্ৰদেশত আবদ্ধ অসম আৰু ত্ৰিপুৰাৰ তীৰ্থযাত্ৰীৰ দল ৷ বিগত মাৰ্চ মাহৰ 2 তাৰিখে দলটো উত্তৰ প্ৰদেশৰ বৃন্দাবন ধামত নিজৰ পূৰ্ব পুৰুষৰ অস্থি বিসৰ্জনৰ বাবে গৈছিল ৷ কিন্তু তাৰ পিছতেই ঘোষণা হোৱা লক ডাউনৰ বাবে তীৰ্থযাত্ৰীৰ দলটো মথুৰা জিলাৰ শ্ৰীধাম ৰাধামাধৱ মন্দিৰত আবদ্ধ হৈ আছে ৷

উত্তৰ প্ৰদেশত আবদ্ধ অসম আৰু ত্ৰিপুৰাৰ তীৰ্থযাত্ৰীৰ দল

উল্লেখ্য যে, দলটোত আছে কাছাৰ জিলাৰ 17 জন,কৰিমগঞ্জ জিলাৰ 16 জন আৰু ত্ৰিপুৰাৰ 27 জনকৈ তীৰ্থ যাত্ৰী । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে তীৰ্থযাত্ৰীসকলে ৷

লগতে পঢ়ক-বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.