Prisoners on indefinite hunger strike: কৰিমগঞ্জ জে’লত হাজোতীৰ আমৰণ অনশন

author img

By

Published : Jan 11, 2023, 8:30 PM IST

Prisoners on indefinite hunger strike

কৰিমগঞ্জ জে’লত আমৰণ অনশনত বহিল ১২২গৰাকী হাজোতী । এন ডি পি এছ এক্টৰ গোচৰত অভিযুক্ত হৈ বহুদিনৰ পৰা জে'লত বন্দী হৈ আছে এইসকল হাজোতী । আৰক্ষীয়ে মিছা অভিযোগত দোষী সজাই জে'লত ভৰাই ৰখাৰ অভিযোগ হাজোতীসকলৰ(122 prisoners sit for indefinite hunger strike) ৷

কৰিমগঞ্জ জে’লত হাজোতীৰ আমৰণ অনশন

কৰিমগঞ্জ, ১১ জানুৱাৰী: জামিন মঞ্জুৰ কৰাৰ দাবীত কৰিমগঞ্জ জে’লত সোমবাৰৰ পুৱাৰে আমৰণ অনশনত বহে ১২২গৰাকী হাজোতী(122 prisoners sit for indefinite hunger strike) । এন ডি পি এছ এক্টৰ গোচৰত অভিযুক্ত হৈ বহুদিনৰ পৰা জে'লত বন্দী হৈ আছে যদিও আদালতৰ পৰা তেওঁলোকক জামিন দিয়া হোৱা নাই । তেওঁলোকৰ বহুতৰে দুবছৰৰ অধিক সময় পাৰ হৈ গৈছে । কিন্তু আদালতে জামিন মঞ্জুৰ নকৰাৰ বাবে তেওঁলোকে এই আমৰণ অনশনৰ পথ বাচি লৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে(Hunger strike in karimganj district jail) ।

সোমবাৰে পুৱা ৬ বজাৰ পৰা জে'লৰ ভিতৰত আমৰণ অনশনত বহে এই হাজোতীসকল । তেওঁলোকে অভিযোগ কৰি কয়, "আমাৰ মাজৰ বহুতক আৰক্ষীয়ে মিছা অভিযোগত অভিযুক্ত কৰি জে'লত ভৰাই ৰাখিছে । যাৰ বাবে আমাৰ পৰিয়ালৰ ল'ৰা-ছোৱালী, মা-দেউতাই এতিয়া বহু কষ্ট কৰি আছে । কাৰণ আমাৰ মাজৰ সৰহভাগ লোকৰ সংসাৰ আছে আৰু আমিয়েই উপাৰ্জন কৰি পৰিয়ালটো পোহপাল দি আছো । বর্তমান আমি বহু লোক বিনা দোষত দোষী হৈ বন্দী হৈ আছো । আৰক্ষীয়ে আমাক দোষী সজাই জে'লত ভৰাই ৰাখিছে ।"

তেওঁলোকে লগতে আৰু কয়, "আমাৰ আইন আৰু আদালতৰ ওপৰত আশ্বাস আৰু বিশ্বাস আছে । আমি শান্তিপূর্ণভাৱে শৃংখলা বজাই জেলত আছো । আমি আদালতত তাৰিখে তাৰিখে উপস্থিত হোৱাৰ লগতে জামিন মঞ্জুৰ কৰাৰ বাবে সকলো অভিযুক্তই লিখিত ৰূপত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত কৰিমগঞ্জ জিলা কাৰাগাৰৰ অধীক্ষকৰ যোগেদি আবেদন দাখিল কৰিছো । ইয়াৰ পূৰ্বে কৰিমগঞ্জ সত্ৰ ন্যায়াধীশৰ আদালতত জামিন মঞ্জুৰি আবেদন কৰিছিলো ৷"

ন্যায়িক দণ্ডাধীশগৰাকীয়ে জামিন মঞ্জুৰ নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত সুবিচাৰ বিচাৰি আবেদন জনোৱাৰ কথা হাতোজীসকলে জানিবলৈ দিয়ে । তেওঁলোকে আৰু কয় যে, আদালত আৰু চৰকাৰৰ ওচৰত অভিযোগ দিছে যদিও আজি পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত তেওঁলোক বাধ্য হৈ আজিৰে পৰা আমৰণ অনশনত(Prisoners strike in karimganj district jail) বহিছে বুলি সাংবাদিকৰ আগত কয় ।

ইপিনে প্রত্যেক পৰিয়ালৰ লোকসকল জে’লত উপস্থিত হৈ ক্ষোভ প্রকাশ কৰি কয়, "আমি সদায় ল'ৰা-ছোৱালী লৈ জেল আৰু আদালতত তাঁত-বাটি কাঢ়ি আছো যদিও কোনো সুবিচাৰ পোৱা নাই । অভিভাৱকহীন অৱস্থাত কণ কণ ল'ৰা-ছোৱালী লৈ বহু কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে ।" ইপিনে এনডিপিএছ এক্টৰ অধীনত অভিযুক্তসকলে ক্ষোভ প্রকাশ কৰি কয় যে অসমৰ অন্যান্য জিলাৰ জেলত বন্দী হৈ থকা লোকসকলে জামিন লাভ কৰিবলৈ সক্ষম হৈছে । কেৱল কৰিমগঞ্জৰ ক্ষেত্ৰত এনে বৈষ্যমতা কিয় বুলি তেওঁলোকে প্রশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক: Abhijit Sharma on Ranjan Gogoi: 32 দিনৰ ভিতৰত ক্ষমা নুখুজিলে ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.