Distributes vehicles among beneficiaries: ডিফুত হিতাধিকাৰীক মাছ পৰিবাহী বাহন প্ৰদান
Published: Mar 16, 2023, 11:37 AM


Distributes vehicles among beneficiaries: ডিফুত হিতাধিকাৰীক মাছ পৰিবাহী বাহন প্ৰদান
Published: Mar 16, 2023, 11:37 AM
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত আৰু অসমৰ মীন বিভাগৰ পৃষ্ঠপোষকতাত হিতাধিকাৰীসকলৰ মাজত গ্ৰাম়্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ জৰিয়তে আনুষ্ঠানিকভাৱে মাছ পৰিবাহী বাহন প্ৰদান কৰা হয় (Vehicle Distributed by KAAC Fishery dept) ৷ বুধবাৰে পুৱাৰ ভাগত ডিফুস্থিত মীন বিভাগৰ একুৱাচেণ্ট্ৰিক কাৰ্যালয়ৰ সন্মুখত হিতাধিকাৰী সকলক প্ৰদান কৰা হয় মাছ পৰিবাহী বাহন ৷
ডিফু, 16 মাৰ্চঃ যোৱা 15 মাৰ্চ, বুধবাৰে পুৱাৰ ভাগত ডিফুস্থিত মীন বিভাগৰ কাৰ্যালয়স্থিত একুৱাচেণ্ট্ৰিক কাৰ্যালয়ৰ সন্মুখত হিতাধিকাৰীসকলক মাছ পৰিবাহী বাহন প্ৰদান কৰা হয় (Vehicle Distributed by KAAC Fishery dept) ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত আৰু মীন বিভাগ অসমৰ পৃষ্ঠপোষকতাত হিতাধিকাৰীসকলৰ মাজত গ্ৰাম়্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ জৰিয়তে আনুষ্ঠানিকভাৱে মাছ পৰিবাহী বাহন প্ৰদান কৰা হয় (Karbi Anglong Autonomous Council KAAC)৷
বুধবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুস্থিত মীন বিভাগৰ এটি ষ্টাফ কোৱাৰ্টাৰ বিল্ডিঙৰ শুভ উদ্ধোধন কৰে (Tuliram Ronghang CEM KAAC) ৷ ইয়াৰ পাছতেই হিতাধিকাৰীৰ মাজত আঠখন অট' ট্ৰাক আৰু দুখন চাৰিচকীয়া বাহন আনুষ্ঠানিকভাবে বিতৰণ কৰা হয় (Distributes vehicles among beneficiaries in Karbi Anglong) ৷
অনুষ্ঠানটিত দিয়া ভাষণ প্ৰসংগত মুখ্য় কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ নিবনুৱা সমস্যা দূৰ কৰিবলৈ, চাকৰিৰ পৰিৱৰ্তে জিলাবাসীক চৰকাৰৰ বিভিন্ন উন্নয়নমুলক আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায় ৷ লগতে তেওঁ কয় যে, মাছ বিক্ৰী এক লাভজনক ব্যৱসায় ৷ হিতাধিকাৰীসকলে লাভ কৰা বাহনসমূহৰ সদ ব্যৱহাৰ কৰাৰ লগতে জিলাখনৰ অৰ্থনৈতিক ব্যৱস্থাক টনকীয়াল কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে তেওঁ পাহাৰৰ মাজত পুখুৰী খান্দি মৎস্য উৎপাদন কৰি আত্ম নিৰ্ভৰশীল হোৱাৰ আহ্বান জনায় (Vehicle Distributed by KAAC)৷
সাংবাদিকৰ সৈতে হোৱা বৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই কয় যে, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত, বিশ্ব বেঙ্কৰ জৰিয়তে ৮০ শতাংশ ৰাজ সাহায্যৰ জৰিয়তে মাছ কঢ়িওয়া বাহন সমূহ বিতৰণ কৰা হৈছে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলাখনত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এইয়া এক অনন্য সংযোজন বুলিও তেওঁ কয় ৷ লগতে মৎস্য পালকসকলক মৎস্য পালন সম্বন্ধীয় বিষয়ৰ বাবে জিলা মীন বিভাগৰ কাৰিকৰী বিষয়া সকলৰ পৰামৰ্শ লবলৈ আহ্বান জনায় ৷
এই অনুষ্ঠানত পৰিষদৰ কেইবাগৰাকী ইএমৰ লগতে এমএচি আৰু বোৰ্ড চেয়াৰমেন সকল উপস্থিত থাকে ৷
