সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 18, 2021, 4:56 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত শুকুৰবাৰে আবিৰ্ভাৱ হোৱা দেখা গল গৰ্গমুনিক। নিমিষতে মুনিৰ আবিৰ্ভাৱৰ এই বাতৰি বিয়পি পৰিল সামাজিক মাধ্যমত ৷ প্ৰকৃততে শুকুৰবাৰে নিশা মৰিয়নীত দেবেৰাপাৰ চাৰিআলিৰ মেজিক-এপে সন্থাই বিশ্বকৰ্মা পূজাৰ উপলক্ষে এক ভাওনা সবাহৰ আয়োজন কৰিছিল ।

আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

ম্লান পৰিব পাৰে নেকি আগন্তুক দূৰ্গা পূজাৰ প্ৰস্তুতিত ! আগন্তুক 72 ঘন্টাৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৷

চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে 20 কোটিৰো অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ ৷ CBDT(Central Board of Direct Taxes)য়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৷

বেংগালুৰুত শোকাৱহ ঘটনা : একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ

বেংগালুৰুত একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ ৷ এটি 9 মহীয়া শিশুসহ চিলিঙত(ceiling)ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহকেইটা ৷ কোনো পাৰিবাৰিক বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৷

SEX RACKET : বিলাসীপাৰাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ

ৰাজ্যত প্ৰতিদিনে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হ’বলৈ ধৰিছে ৷ আৰক্ষীৰ জালত পৰিছে অপৰাধৰ সৈতে জড়িত বহুজন ৷ এইবাৰ বিলাসীপাৰা হাকামাত উৎখাত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি ৷

বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । সাতখন আসনৰ ভিতৰত ৬ খন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । পণ্ডিচেৰীত এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

প্ৰতিবাদী কৃষকক আলোচনালৈ আমন্ত্ৰণ হাৰিয়ানা চৰকাৰৰ

কৃষি আইনৰ বিৰোধিতাৰে সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে হাৰিয়ানা চৰকাৰৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে ৷ এই বৈঠকত সিংঘু সীমান্তৰ এটা দিশৰ পথ খোলা দিয়াৰ বাবে কৃষকসকলৰ সৈতে আলোচনা কৰা হ’ব ৷

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ক’ভিড ভেকচিন প্ৰদানত এদিনত দুটাকৈ অভিলেখ ভাৰতৰ ৷ চীনক অতিক্ৰম কৰি এই অভিলেখ গঢ়িলে ভাৰতে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শুভেচ্ছা প্ৰদান কৰে দেশবাসীলৈ ৷


ক্ৰমাৎ সুস্থ হৈ উঠিছে কিংবদন্তী খেলুৱৈ পেলে

বৰ্তমান সুস্থিৰ হৈছে ব্ৰাজিলৰ প্ৰখ্যাত ফুটবল খেলুৱৈ পেলে(Pele)ৰ স্বাস্থ্যৰ অৱস্থা । উশাহ-নিশাহত অসুবিধা হোৱাৰ পিছতে শুকুৰবাৰে খেলুৱৈগৰাকীক এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

চাপৰমুখত জব্দ ব্ৰাউন চুগাৰ, আটক এজন

চাপৰমুখ ৰে’ল আৰক্ষীৰ বিশেষ অভিযান ৷ শুকুৰবাৰে নিশা চাপৰমুখ ৰে’ল জংচনত জব্দ কৰা হৈছে বহু পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে আটক কৰে ছফিকুল ৰহমান নামৰ এজন লোকক ৷ চাপৰমুখ RPF আৰু GRP ৰ যুটীয়া অভিযানত জব্দ হয় প্ৰায় পাঁচ লাখ টকাৰ মূল্যৰ ব্ৰাউন চুগাৰখিনি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.