৭০ বছৰীয়া বৃদ্ধাৰ হত্যা অভিযোগত তিনিজন আটক ডিফু আৰক্ষীৰ

author img

By

Published : Nov 22, 2021, 8:55 PM IST

THREE ACCUSED NABED WITH ARMS IN DIPHU

৭০ বছৰীয়া বৃদ্ধক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ লগত জড়িত অভিযোগত তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ডিফু আৰক্ষীয়ে ৷ যােৱা ৪ নৱেম্বৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

ডিফু, ২২ নৱেম্বৰ : ডিফু আৰক্ষী থানাৰ অন্তৰ্গত টেৰণ গাঁৱৰ ঝুম খেতিত এগৰাকী ৭০ বছৰীয়া বৃদ্ধক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ লগত জড়িত অভিযোগত তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ডিফু আৰক্ষীয়ে ৷ যােৱা ৪ নৱেম্বৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ডিফু আৰক্ষীয়ে এই সন্দর্ভত এক গােচৰ ৰুজু কৰি অব্যাহত ৰাখিছিল তদন্ত ৷

অৱশেষত ঘটনা সন্দৰ্ভত তিনি যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে, এই ঘটনাত জড়িত তিনিগৰাকীক ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ১নং ডিছামা, ২নং ডিছামা আৰু ছেৰলংজন নামৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে, জিনং তিছ (২৬), দিপছিং তিছ (১৯) আৰু বিছন বে (২১) ।

৭০ বছৰীয়া বৃদ্ধাৰ হত্যা অভিযোগত তিনিজন আটক ডিফু আৰক্ষীৰ

গ্রেপ্তাৰ কৰা তিনিওজনে বুৰা ৰংফাৰ নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি জানিবলৈ দিছে আৰক্ষী সূত্রই ৷ উল্লেখ্য যে, বৃদ্ধাজনক হত্যাৰ বাবে ব্যৱহাৰ কৰা মাৰণাস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ হাতে সজা দুটাকৈ বন্দুক ছাৰপ ৰংপি গাঁৱৰ ঝুম খেতিত লুকূৱাই থৈছিল মূল অভিযুক্ত জিনং তিছয়ে ।

আৰক্ষীয়ে উক্ত স্থানত তালাচী চলাই বন্দুক দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তিনিওকে সোমবাৰে জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰােৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.