হায়দৰাবাদৰ পৰা খোজকাঢ়ি গৈ ওড়িশা পোৱা অসমৰ শ্ৰমিকৰ প্ৰকৃত সত্য

author img

By

Published : Nov 29, 2021, 9:31 PM IST

story-of-migrant-laborer-from-assam-in-odisa

25 নৱেম্বৰত ইটিভি ভাৰতৰ বাতৰি যোগে প্ৰকাশ হৈছিল ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষীপুৰত অসমৰ ক্ষুধাৰ্ত শ্ৰমিক উদ্ধাৰ হোৱাৰ বাতৰি ৷ এতিয়া ঘটনাই লৈছে নতুন মোৰ ৷ শ্ৰমিক জনৰ নাম ঠিকনাৰ লগতে প্ৰকাশ পাইছে বহু নজনা তথ্য(migrant worker from Assam in Odisha) ৷

ডিফু, ২৯ নৱেম্বৰ : যোৱা 25 নৱেম্বৰত ইটিভি ভাৰতৰ বাতৰি যোগে প্ৰকাশ হৈছিল ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষীপুৰত অসমৰ এজন ক্ষুধাৰ্ত শ্ৰমিক উদ্ধাৰ হোৱাৰ বাতৰি ৷ শ্ৰমিক অজয় বৰদলৈক অসহায় অৱস্থাত অনাই বনাই ঘুৰি-ফুৰি থকাৰ পিছত স্থানীয় লোকে খাদ্যৰ যোগান ধৰিছিল যদিও অজিত বৰদলৈ নামৰ যুৱকজনে নিজৰ পৰিচয় ভালদৰে দিব পৰা নাছিল ৷

অৱশেষত, ইটিভি ভাৰতে লোকজনৰ গৃহভূমিৰ লোক তথা পৰিয়ালৰ লোকৰ দৃষ্টি গোচৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে যুৱকজনক উদ্ধাৰৰ বাবে এটি বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল ৷ উল্লেখ যোগ্য যে, অসমৰ কাৰ্বি আংলং জিলাৰ বাসিন্দা অজয় বৰদলৈয়ে কেইমাহমান পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰি জীৱিকা উপাৰ্জন কৰাৰ বাবে সুদুৰ হায়দৰাবাদত উপস্থিত হৈছিল ৷

হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ প্ৰচেষ্টা চলাই ৬৫০ কিলোমিটাৰ অতিক্ৰম কৰা প্ৰব্ৰজনকাৰী শ্ৰমিক অজয় বৰদলৈয়ে ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষ্মীপুৰত উপস্থিত হৈছিল (migrant labour walked 650 km )। এই বাতৰি প্ৰকাশ কৰাৰ পিছত যুৱকজনৰ গৃহভূমিৰ ঠিকনা বিচাৰি ইটিভি ভাৰতৰ কাৰ্বি আংলঙৰ সাংবাদিক অজয় বৰদলৈৰ ঘৰত উপস্থিত হয় ৷

হায়দৰাবাদৰ পৰা খোজকাঢ়ি গৈ ওড়িশা পোৱা অসমৰ শ্ৰমিকৰ প্ৰকৃত সত্য

শ্ৰমিকজনৰ মাতৃ-পত্নীৰ ভাষ্যত ঘটনাটো অইন দিশেহে গতি কৰে ৷ তেওঁৰ হাতত থকা কাৰ্বি আংলঙৰ হাওৰাঘাট থানাৰ অন্তৰ্গত থেৰে গাঁৱৰ ভোটাৰ পৰিচয় পত্ৰখন তেওঁৰ ভতিজাক অজয় বৰদলৈৰহে বুলি জানিব পৰা গৈছে ৷ আনহাতে পথভ্ৰষ্ট শ্ৰমিকজন অজয় বৰদলৈ নহয়, অজয় বৰদলৈৰ খুৰাক ৰঞ্জিত বৰদলৈ বুলিহে পৰিয়ালৰ লোকে জানিব দিয়ে ৷

শ্ৰমিকজনৰ মাতৃ-পত্নীৰ মতে ৰঞ্জিত বৰদলৈ 4 টাকৈ সন্তানৰ পিতৃ ৷ অভিযোগ অনুসৰি মাত্ৰাধিক মদ্যপান কৰি তেওঁ পত্নীক অকথ্য শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল ৷ ইয়াৰ ফলস্বৰূপে ৰঞ্জিত বৰদলৈৰ পত্নীৰ সৈতে সম্পৰ্কত তিক্ততা আহি পৰিছিল আৰু দুয়ো পৃথকে থাকিবলৈ লৈছিল ৷

প্ৰায় চাৰি বছৰমানৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈ পুনৰ উভতি অহা নাছিল ৰঞ্জিত বৰদলৈ ৷ প্ৰবজিত শ্ৰমিক ৰঞ্জিত বৰদলৈৰ আচৰণৰ প্ৰতি মাতৃ-পত্নীৰ চৰম ঘৃণা ওপজাৰ ফলত শ্ৰমিক গৰাকীৰ মাতৃ তথা পত্নীয়ে ৰঞ্জিত বৰদলৈক সম্প্ৰতি পুনৰ ঘৰলৈ নহাটোকে কামনা কৰিছে বুলি জানিবলৈ দিছে(migrant laborers family doesn't want him back) ৷

লগতে পঢ়ক : হায়দৰাবাদলৈ কাম বিচাৰি গৈ কেনেকৈ খোজ কাঢ়ি ওড়িশা পালেগৈ নগাঁৱৰ অজয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.