বকলীয়াঘাটত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপনৰ স্থান নিৰ্ণয়

author img

By

Published : Sep 18, 2022, 10:49 PM IST

Statue of Bhupen Hazarika will erected in Bakaliaghat

বকলীয়াঘাটত নিৰ্মাণ হ’ব ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি (Statue of Bhupen Hazarika will erected in Bakaliaghat) ৷ বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ উদ্যোগত স্থাপন হʼবলগীয়া সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আজি বকলীয়াঘাট নগৰৰ মাজমজিয়াত স্থান নিৰ্ণয় কৰা হয় ।

ডিফু, 18 ছেপ্টেম্বৰ: বকলীয়াঘাট নগৰত স্থাপন কৰা হ’ব সংগীতৰ সাধনাৰে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি । বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ উদ্যোগত স্থাপন হʼবলগীয়া সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আজি বকলীয়াঘাট নগৰৰ মাজমজিয়াত স্থান নিৰ্ণয় কৰা হয় (Statue of Bhupen Hazarika)।

বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ হ’ব চিৰসেউজ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি (Statue of Bhupen Hazarika will erected in Bakaliaghat ) ৷ প্ৰতিমূৰ্তি স্থাপন হʼবলগীয়া ভূমিখণ্ডত আজি বকলীয়াঘাট পৌৰসভাৰ তৰফৰ পৰা বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাক দায়িত্ব অৰ্পণ কৰা হয় ৷

প্ৰতিমূৰ্তf স্থাপনৰ উদ্দেশ্যে আজি পুৱা 9 বজাত আয়োজিত এক বিশেষ অনুষ্ঠানত বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণ, উপাধ্যক্ষ অনিতা শইকীয়াৰ লগতে পৌৰসভাৰ ৱাৰ্ড সদস্যসকলৰ উপস্থিতিত সুধাকণ্ঠৰ প্ৰতিমূৰ্তf নিৰ্মাণ হʼবলগীয়া ভূখণ্ড বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ।

ভাষণ প্ৰসংগত বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণে প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হʼব বুলি উল্লেখ কৰে । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসমীয়া ভাষিক সন্থাৰ সভাপতি অখিল হাজৰিকা, বি এল চি চিৰ অধ্যক্ষ বিপুল বৰা, ভিডিচিৰ অধ্যক্ষ নৰেন কিলিং, বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ সভাপতি অকণ হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: সংগীত শিল্পী বিজয় লক্ষ্মী দাসক সুঁৱৰি কলাক্ষেত্ৰত আয়োজন স্মৃতিধাৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.