বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে ডিফুত অনুষ্ঠিত কার্বিসকলৰ বিশেষ অধিৱেশন

author img

By

Published : Nov 24, 2021, 3:20 PM IST

Special Session of Karbi Cultural Society in Diphu

ডিফুত অনুষ্ঠিত কাৰ্বি সাংস্কৃতিক সমাজৰ বিশেষ অধিৱেশন (Session of Karbi Cultural Society) ৷ চলিত বৰ্ষৰ ২৭ আৰু ২৮ নৱেম্বৰত অনুষ্ঠিত হ'ব এই অধিৱেশন ৷ উক্ত অধিৱেশনত অংশগ্রহণ কৰিব কার্বি আংলঙৰ লগতে অন্য জিলাৰ পাঁচ শতাধিক প্রতিনিধি ৷

ডিফু, 24 নৱেম্বৰ : কার্বিসকলৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ চর্চা, সংৰক্ষণ আৰু সংবর্ধনৰ বাবে যােৱা কেবাটাও দশক ধৰি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা কার্বি সাংস্কৃতিক সমাজ (কে চি এছ)ৰ এখনি বিশেষ অধিৱেশন (special session of karbi cultural society) অহা 27 আৰু 28 নৱেম্বৰত ডিফুৰ সমীপৰ তাৰালাংছৰ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত কৰা হ'ব।

কার্বি সাংস্কৃতিক সমাজৰ সভাপতি তথা সম্পাদক ক্রমে চন্দ্রছিং ক্র' আৰু বিদ্যাছিং ৰমপিয়ে মঙলবাৰে বিয়লি তাৰালাংছ’ত এক সংবাদমেলৰ আয়ােজন কৰি এই কথা ঘােষণা কৰে । সংবাদমেলত কেচিএছৰ নেতৃবর্গই উল্লেখ কৰা অনুসৰি, প্রতি তিনি বছৰৰ বিৰতিত কার্বি সাংস্কৃতিক সমাজৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে উক্ত অধিৱেশনতে কার্বি সাংস্কৃতিক সমাজ(Karbi Cultural Society)ৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ।

চলিত বর্ষৰ জানুৱাৰীতে উক্ত অধিৱেশনখন অনুষ্ঠিত হ'ব লাগিছিল যদিও ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে কেতবােৰ নিষেধাজ্ঞা জাৰি কৰাৰ বাবে জানুৱাৰীত উক্ত সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল । অৱশ্যে, যােৱা 26 আগষ্টত কে চি এছৰ 27 খন মাণ্ডলিক সমিতিৰ সৈতে এখন যুটীয়া কার্যানির্বাহক সভা অনুষ্ঠিত কৰাৰ লগতে উক্ত সভাত পূর্বৰ সমিতিখনকে পৰৱর্তী তিনিটা বছৰৰ বাবে কার্বি সাংস্কৃতিক সমাজৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হয় ।

উল্লেখযােগ্য যে, কার্বি সাংস্কৃতিক সমাজৰ নীতি অনুসৰি কোনাে কাৰণত সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহ'লেও বিশেষ অধিৱেশন অনুষ্ঠিত কৰি নতুন সমিতিৰ অনুমােদন লােৱাৰ প্রয়ােজন হয় । সেয়েহে, অহা 27 আৰু 28 নৱেম্বৰত দুদিনীয়া কার্যসূচীৰে কার্বি সাংস্কৃতিক সমাজৰ এখনি বিশেষ অধিৱেশনৰ আয়ােজন কৰা হৈছে ।

উক্ত অধিৱেশনত কার্বি আংলঙৰ লগতে অন্য জিলাৰ পাঁচ শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব বুলি কার্বি সাংস্কৃতিক সমাজৰ নেতৃবর্গই সংবাদমেলত অৱগত কৰে। আনহাতে, উক্ত অধিৱেশনত 2024 চনত অনুষ্ঠিত হ'বলগীয়া কার্বি যুৱ মহােৎসৱৰ সােণালী জয়ন্তী অনুষ্ঠান সম্পর্কেও আলােচনা কৰা হ'ব বুলি কার্বি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : ডিফুত ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.