ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে আৰক্ষী-পৰিবহন বিভাগৰ যৌথ অভিযান

author img

By

Published : Nov 2, 2021, 10:44 PM IST

special-operation-against-non-registration-vehicle

সাৱধান ! আপোনাৰ গাড়ীৰ পঞ্জীয়ন হৈ আছে নে ? যদি নাই সাৱধান ৷ কিয়নো পঞ্জীয়নহীন যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু জিলা পৰিবহন বিভাগ ৷

ডিফু, ২ নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে মঙলবাৰৰ পৰা চলিছে মাৰাথন অভিযান ৷ মঙলবাৰে সন্ধিয়া সদৰ চহৰ ডিফুৰ প্ৰতিটো পুলিছ পইণ্টতে আচম্বিতে জিলা পৰিবহন বিভাগে চলাইছে তালাচী অভিযান ৷ জিলা পৰিবহন বিভাগৰ এই তালাচী অভিযান কালত কেইবাখনো বাহনৰ নথি-পত্ৰ অভিযানকাৰী দলটোৱে পৰীক্ষা কৰি পঞ্জীয়নবিহীন ১০ খন বাহন পৰিবহন বিভাগক চমজাই দিয়ে ৷

special-operation-against-non-registration-vehicle
ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগৰ যৌথ অভিযান

সাংবাদিকৰে হোৱা বাৰ্তালাপত এনে পঞ্জীয়নবিহীন বাহনৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগ অধিক কঠোৰ হ’ব বুলি জানিবলৈ দিয়ে ৷ বিভাগটোৱে নথি-পত্ৰ পৰীক্ষা কৰি পঞ্জীয়ন বিহীন বাহন বুলি প্ৰমাণিত হ’লে আইনমতে সেইসমূহ বাহনৰ ওপৰত যথাবিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰি এই অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷

ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগৰ যৌথ অভিযান

আজিৰ তালাচী অভিযানৰ নেতৃত্ব দিয়ে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ লগতে অভিযানত সহযোগ কৰে ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথ আৰু এম ভি আই এইছ শইকীয়াই ৷

লগতে পঢ়ক : জিৰণি নোলোৱাকৈ অব্যাহত থাকিব বিকাশৰ ধাৰা : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.