খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময় বিধানসভাৰ অধ্যক্ষৰ

author img

By

Published : Sep 20, 2021, 12:15 PM IST

SPEAKER BISWAJIT DAIMARY VISIT DIPHU AND BOKAJAN

খিলঞ্জীয়া মানুহৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰচাৰৰ বাবে কি ধৰণৰ আঁচনি বা ব্যৱস্থা ল’লে খিলঞ্জীয়াসকলৰ সুবিধা হ’ব, সেই লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে খিলঞ্জীয়া জনগোষ্ঠীৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ডিফু, ২০ ছেপ্তেম্বৰ : অসম চৰকাৰৰ 'ইণ্ডিজেনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ’ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিবলৈ দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফু আৰু বোকাজানত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু উপাধ্যক্ষ ডাঃ নোমল মমিন ৷

SPEAKER BISWAJIT DAIMARY VISIT DIPHU AND BOKAJAN
খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ বিধানসভাৰ অধ্যক্ষৰ

বোকাজানৰ চিচিআই ফিল্ডত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী নেতাই ডিফুস্থিত আৰব'ৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সন্মিলন কক্ষত অনুষ্ঠিত কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ মত বিনিময় অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে, অসম চৰকাৰৰ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰৰ অধীনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ উদ্দেশ্যে আহিছে ৷

খিলঞ্জীয়া মানুহৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰচাৰৰ বাবে কি ধৰণৰ আঁচনি বা ব্যৱস্থা ল’লে খিলঞ্জীয়াসকলৰ সুবিধা হ’ব সেই লৈ এই মত বিনিময় কৰা হৈছে ৷ তেওঁ লগতে এই মতামতবোৰ প্ৰতিবেদন আকাৰে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ বিধানসভাৰ অধ্যক্ষৰ

আনহাতে, বিটিআৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মন্তব্য কৰিবলৈ গৈ বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে, দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল ৷ উক্ত চুক্তিত হয়তো একাংশ সন্তুষ্ট হোৱাৰ বিপৰীতে আন একাংশ অসন্তুষ্ট হ'ল ৷ চুক্তিৰ জৰিয়তে যদি কাৰোবাক বিশ্বাসত ল’বলৈ থাকি গৈছে নিশ্চয়কৈ ব্যৱস্থা লোৱা হ’ব ৷

তদুপৰি বড়ো সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলক লৈ এই সংক্ৰান্তত যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰি অসন্তুষ্ট ব্যক্তিসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ ইয়াৰ লগতে অসম তথা বড়োলেণ্ডৰ পৰা "বন্দুকৰ সংস্কৃতি" যাতে নাইকিয়া হয় তাৰ বাবে বড়ো অগ্ৰণী সমাজে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত e-SHRAM Card বিতৰণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.